যিকোনো কামৰ বাবে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন। কিন্তু নেতা-মন্ত্রীসকলৰ হয়তো তাত কিছু ৰেহাই আছে৷ কিন্তু তাৰ বাবেই সকলোৰে হাঁহিৰ খোৰাক হ’ল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী সাবিত্ৰী ঠাকুৰ (Union Minister Savitri Thakur)। সাবিত্ৰী মধ্যপ্ৰদেশ (Madhya Pradesh)ৰ এখন স্কুলৰ অনুষ্ঠানলৈ যায়। তাত গৈ মোডী চৰকাৰৰ বেটি বচাও, বেটি পঢ়াও আঁচনিৰ বিষয়ে লিখিবলগা হয়। কিন্তু তাতেই সমস্যাৰ সৃষ্টি হয়। তেওঁ লিখিলে বেটী পঢ়াও বাচাও (Beti parao Bachao) তাতে আকৌ বানান ভুল (Misspelled)।
মন্ত্ৰীৰ এই ধৰণৰ কাৰ্য দেখি তেওঁ জয়ী হোৱা লোকসভা সমষ্টিত হাঁহিৰ ৰোল উঠে। সেই ভিডিঅ’ ভাইৰেল হৈ পৰিছে। খবৰ অনুসৰি, সাবিত্ৰী ঠাকুৰে দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছে। কিন্তু তেওঁৰ এই কামত অস্বস্তিত পৰিছে গেৰুৱা শিবিৰ। ইফালে হাত শিবিৰেও বিজেপিক বিষয়টোক লৈ সাৰি যাব নিদিলে।
কংগ্ৰেছ নেতা কে কে মিশ্ৰই কয় যে যিসকল দেশৰ সংবিধানৰ অংশ তেওঁলোকৰ নিজৰ মাতৃভাষাৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে শিক্ষাগত অৰ্হতাৰ দিশটো বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে কংগ্ৰেছ শিবিৰে। আনহাতে বিজেপিয়ে কৈছে যে ভুল হ’ব পাৰে, কিন্তু কংগ্ৰেছে ইয়াকলৈ ৰাজনীতি নকৰাকৈও থাকিব পাৰিলেহেঁতেন।