আত্মীয়ক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দশম শ্ৰেণীৰ ছাত্ৰ (Class 10 student arrested)। জানিব পৰা মতে নাবালকজনে যৌন সম্পৰ্ক স্থাপনত বাধা পোৱাৰ বাবেই আত্মীয়ক হত্যা কৰিছিল। যোৱা দেওবাৰে কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ উপিংগাড়ী চহৰৰ (Upingadi town in Dakshina Kannada district of Karnataka) সমীপৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, মহিলাগৰাকী সম্পৰ্কত তেওঁৰ মামীয়েক। দেওবাৰে নাবালক আৰু মামীয়েক দুয়োজনেই ঘৰতে আছিল।
সেই সময়ত নাবালকজনে মামীয়েকৰ সৈতে যৌন সম্পৰ্ক (Having sex with Aunt) স্থাপন কৰিব বিচাৰে। কিন্তু বাধা দিয়ে মামীয়েকে। ইয়াৰ পিছত তেওঁ শুবলৈ যোৱাত গাৰুৰে ডিঙি চেপি ধৰি হত্যা (Strangled to death with a pillow) কৰে। কিন্তু মামীয়েকৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি কিশোৰজনৰ পিতৃক জনায়। সন্দেহ হোৱাত পিতৃয়ে আৰক্ষীক খবৰ দিলে। আনহাতে, কিশোৰজনৰ পিঠিতো আঁচোৰৰ চিন দেখা যায়। ইফালে জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰে কিশোৰজনে। ইতিমধ্যে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।