নিট কেলেংকাৰী (Neet Scam), এটাৰ পিছত এটা ৰে’ল দুৰ্ঘটনা, একজিট প’লৰ জৰিয়তে শ্বেয়াৰ বজাৰৰ কেলেংকাৰী- নতুন লোকসভাৰ প্ৰথম অধিৱেশনৰ আৰম্ভণিৰ পৰাই বিৰোধীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিব বিচাৰিছে।
কংগ্ৰেছে চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ ২১ জুনত নিট কেলেংকাৰীৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদৰ আহ্বান জনাইছে। তেওঁলোকৰ প্ৰশ্ন, ২৪ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সময়ত নিট কেলেংকাৰী সন্দৰ্ভত মোডী কিয় নীৰৱ হৈ আছে?
কংগ্ৰেছে ইয়াক “তৃতীয় মোডী চৰকাৰৰ প্ৰথম কেলেংকাৰী” হিচাপে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছে। ২৪ জুনত লোকসভা অধিৱেশনৰ প্ৰথমদিনা কংগ্ৰেছৰ ছাত্ৰ শাখাই সংসদ ঘেৰাও কৰিবলৈ আহ্বান জনাইছে। লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ শক্তি বৃদ্ধি পাইছে। ইয়াক ব্যৱহাৰ কৰি বিৰোধীয়ে চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ ইচ্ছুক।
উল্লেখ্য, মোডীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষাত (NEET) প্ৰায় ১,০০০ কোটি টকাৰ কেলেংকাৰী পোহৰলৈ আহিছে। আৰম্ভণিতে, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিষয়টো লঘু কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কোনো তাৰ কোনো লাভ নহ’ল। উচ্চতম ন্যায়ালয়েও ইয়াক লৈ সক্ৰিয় হৈছে।
ৰাহুল গান্ধীয়ে আৰম্ভণিৰে পৰা নিট কেলেংকাৰীৰ বিষয়ে সৰৱ হৈ আহিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কেচি বেণুগোপালে ২১ জুনত সকলো পিচিচি সভাপতি আৰু বিধায়িনী দলৰ নেতাসকলক প্ৰতিবাদ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। কংগ্ৰেছৰ শীৰ্ষ নেতাসকলকো প্ৰতিবাদত যোগদান কৰিবলৈ কোৱা হৈছে।