দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal) দিল্লীৰ আবকাৰী গোচৰ (Delhi excise case)ত পুনৰ অস্বস্তিত পৰিছে। দিল্লীৰ আদালতে কেজৰিৱালৰ জিম্মা ৩ জুলাইলৈ বৃদ্ধি (Kejriwal’s custody extended till July 3) কৰে। দিল্লীৰ আবকাৰী গোচৰৰ সন্দৰ্ভত ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ বাবে কেজৰিৱালক জামিন প্ৰদান কৰিছিল। প্ৰচাৰ শেষ হোৱাৰ পিছত কেজৰিৱালে ২ জুনত কাৰাগাৰত আত্মসমৰ্পণ কৰে।
ইডিয়ে আদালতত দাবী কৰে যে কেজৰিৱাল আবকাৰী দুৰ্নীতিৰ গোচৰৰ মাষাটাৰ মাইণ্ড। আপে গোৱা আৰু পঞ্জাবৰ নিৰ্বাচনত ১০০ কোটি টকা খৰচ কৰিছিল। অৱশ্যে আপে কয় যে বিজেপিয়ে নিৰ্বাচনত জয়ী হ’বলৈ এই সকলো কৌশল ব্যৱহাৰ কৰি আছে। আনহাতে, কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে এতিয়া তেওঁৰ হৈ দলৰ সকলো কাম কৰি আছে। উল্লেখ্য, দিল্লী বিধানসভা নিৰ্বাচন অহা বছৰ অনুষ্ঠিত হ’ব। ৰাজনৈতিক বিশ্লেষকৰ মতে, সুনীতা কেজৰিৱালে নিৰ্বাচনত এক ডাঙৰ ভূমিকা পালন কৰিব।