কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে আজি ৫৪ বছৰত ভৰি দিলে। প্ৰিয়ংকা গান্ধী ভাদ্ৰাই তেওঁক জন্মদিন (Birthday)ৰ শুভেচ্ছা জনায়। প্ৰিয়ংকাই ৰাহুলক নিজৰ আটাইতকৈ ভাল বন্ধু, গাইড আৰু পথপ্ৰদৰ্শক বুলি অভিহিত কৰে। ইফালে ৰাহুল গান্ধীয়ে কংগ্ৰেছ সমৰ্থকসকলক দিনটো তেওঁৰ নামত উদযাপন নকৰিবলৈ কয়। ইয়াৰ পৰিৱৰ্তে তেওঁ কয়, “আজি দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰাৰ দিন।”
আনহাতে, প্ৰিয়ংকা গান্ধী ভাদ্ৰাক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাহুল গান্ধীৰ সৈতে প্ৰচাৰ চলোৱা দেখা গৈছে। যদিও প্ৰিয়ংকাই নিজে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল, তেওঁ ভাতৃৰ সৈতে হাত মিলাই যুঁজিছিল। ফলত কংগ্ৰেছে আসন প্ৰায় দুগুণ কৰিছে।