পৰম্পৰাগত উৎসাহ আৰু ছাত্ৰ-ছাত্ৰীৰ তথা অভিভাৱকৰ মাজত কোনো ধৰণৰ উৎসুকতা অবিহনে আজি প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ (HS Result) তিনিওটা শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।
উল্লেখযোগ্য যে এইবাৰ ৰাজ্যত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে স্থান প্ৰাপকৰ ঘোষণা অবিহনে প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কিয়নো ইতিমধ্যে শিক্ষা বিভাগ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিছিল যে এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকত নাথাকিব কোনো স্থানৰ ব্যৱস্থা। ঘোষিত ফলাফল অনুযায়ী কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৮.২৪ %। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী ২,০১,০৮৯ গৰাকীৰ বিপৰীতে মুঠ ১,৭৭,৪৩৪ গৰাকী উত্তীৰ্ণ হয়।
আনহাতে, প্ৰথম বিভাগত ৪১,১৩৩, দ্বিতীয় বিভাগত ৬৬,৪০৮ আৰু তৃতীয় বিভাগত ৬৯,৮৯০ গৰাকী উত্তীৰ্ণ হয়। কলা শাখাত ৯৭.৪৪% হাৰেৰে উত্তীৰ্ণৰ শীৰ্ষ স্থান লাভ কৰে বাক্সা জিলাই। আনহাতে, ৯৭.০৩% হাৰেৰে নলবাৰী জিলাই দ্বিতীয় স্থান আৰু ৯৬.৯৫% উত্তীৰ্ণৰ হাৰেৰে দৰং জিলাই তৃতীয় স্থান লাভ কৰে।
একেদৰে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৯০.২৯%। এই শাখাত মুঠ ৫৪,৫৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ৪৯,২৫৬ গৰাকী।
বিজ্ঞান শাখাত প্ৰথম বিভাগত ২৫,৪৩৭ গৰাকী, দ্বিতীয় বিভাগত ১৮,২০১ গৰাকী আৰু তৃতীয় বিভাগত ৫,৫৪৯ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ শীৰ্ষত আছে তামোলপুৰ। উত্তীৰ্ণৰ হাৰ ৯৭.৯৮%। আনহাতে, ৯৭.৬০ শতাংশৰে দ্বিতীয় স্থানত শিৱসাগৰ আৰু ৯৫.৮৬ শতাংশৰে তৃতীয় স্থান লাভ কৰে বাক্সা জিলাই। ইফালে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৮ ২৮%।
পৰীক্ষাত অৱতীৰ্ণ ১৭,৩৯৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ১৫,৩৫৬ গৰাকী।
আনহাতে, প্ৰথম বিভাগত ৬,১৯২, দ্বিতীয় বিভাগত ৬,০৫২ আৰু তৃতীয় বিভাগত ৩,১১২ গৰাকী উত্তীৰ্ণ হয়।
৯৭.৪২% হাৰেৰে উত্তীৰ্ণৰ শীৰ্ষ স্থান লাভ কৰে শিৱসাগৰ জিলাই। আনহাতে, ৯৬.৯১ শতাংশৰে দ্বিতীয় স্থান বজালী আৰু ৯৫.৮৮ শতাংশৰে উত্তীৰ্ণৰ হাৰত তৃতীয় স্থান লাভ কৰে বাক্সাই।
উল্লেখযোগ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২,৮০,২১৬ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হয়। ইয়াৰে ভিতৰত কলা শাখাত ২,০৬,৪৬৭, বিজ্ঞান শাখাত ৫৫,২৮৭, বাণিজ্য শাখাত ১৭,৫৮২ আৰু বৃত্তিমূলক শাখাত ৮৮০ গৰাকী শিক্ষার্থী আছিল।