অসামাজিক কাৰ্যকলাপত লিপ্ত থকা ব্যক্তিৰ বিৰুদ্ধে ডিফু ইছলামিক সমাজ-সংস্কাৰক সমিতিৰ (Diphu Islamic Social Reformers Committee) কঠোৰ সিদ্ধান্ত। অবৈধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত (Involved in the drug trade) ডিফুৰ একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আব্দুল খালেকক সামাজিকভাবে বহিষ্কাৰ (Abdul Khaleque socially expelled)।
আব্দুল খালেক ড্ৰাগছৰ গোছৰত তিনিবাৰকৈ জেলত যোৱাৰ পিছত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে ৷ ডিফুৰ ছৰছৰি অঞ্চলত দ্বিতীয় পত্নীৰ সৈতে বসবাস কৰি ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈছে দুয়ো-পতি পত্নী৷
ডিফু ইছলামিক সমাজৰ কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব খালেকে৷ ডিফু ইছলামিক সমাজে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ সামাজিক সম্পৰ্ক নাৰাখে ৷ বিয়া, নিমন্ত্ৰণ আদিত ইছলামিক সমাজৰ কোনো মুল্লা মুৰব্বীয়ে অংশগ্ৰহণ নকৰাৰ বাবে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে ৷ খালেক আৰু তেওঁৰ পৰিয়ালৰ লোকৰ মৃত্যু হলে কবৰস্থ নকৰাৰো কঠোৰ সিদ্ধান্ত গ্ৰহশ কৰে সভাই।
খালেকৰ এনে দুষ্কাৰ্যৰ পিছত সমাজৰ আন কোনো ব্যক্তিয়েও এনে অসামাজিক কাৰ্যত লিপ্ত থাকিলে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাৰ সিদ্ধান্তবোৰ ন্যায়পালিকা আৰু প্ৰশাসনকো অৱগত কৰা হব বুলি জানিব পৰা গৈছে৷