কৰ্মচাৰীৰ অভাৱত বিপদত পৰিছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ (Air India Express)। চৰকাৰী সূত্ৰ অনুসৰি, বিমান সংস্থাটোৱে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ৭০ খনতকৈও অধিক বিমান বাতিল (Flight cancelled) কৰিবলৈ বাধ্য হৈছে। যাৰ বাবে যাত্ৰীসকল বিপদত পৰিছে। প্ৰায় ৩০০ কৰ্মচাৰীয়ে একেলগে হঠাৎ ছুটী লোৱাৰ ফলত (As a result of employee taking leave) এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
সূত্ৰ অনুসৰি, এয়াৰ ইণ্ডিয়াৰ এশৰো অধিক কেবিন ক্ৰু অসুস্থ হৈ পৰিছে। সকলোৱে ছুটীত আছে। আনহাতে, সকলোৰে মোবাইল ফোনৰ চুইচ অফ হৈ আছে। খবৰ অনুসৰি, এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলাইছে। একেলগে ইমানবোৰ কৰ্মচাৰীৰ হঠাৎ ছুটীৰ ফলত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান সেৱাত প্ৰভাৱ পৰিছে। ৭৯খন বিমান বাতিল কৰিবলগীয়া হৈছে।
শাৰীৰিক অসুস্থতাৰ বাবে এই ছুটী লোৱা বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে। কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে, নতুন নিযুক্তি ব্যৱস্থাক লৈ কিছুদিন ধৰি শ্ৰমিকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। বহুতৰে মতে এনেদৰে কৰ্মচাৰীৰ গণ ছুটী লোৱাটোও নিযুক্তি নীতিৰ প্ৰতিবাদত হ’ব পাৰে। অৱশ্যে এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই দাবী কৰে, “আমাৰ কেবিন ক্ৰুৰ বৃহৎ সংখ্যকে অসুস্থতাৰ কাৰণে অন্তিম মুহূৰ্তত ছুটী লৈছে। যাৰ ফলত বিমান সেৱাত পলম হৈছে। বহু বিমান বাতিল কৰিবলগীয়া হৈছে। আমি কেবিন ক্ৰুৰ লগত কথা পাতি কথাটো বুজিবলৈ চেষ্টা কৰিছো। সমস্যাটো ক্ষিপ্ৰতাৰে সমাধান আৰু বিমান সেৱা স্বাভাৱিক কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।”
তেওঁ লগতে কয়, “বিমান সেৱাত ব্যাঘাত জন্মাত আমাৰ যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। যাত্ৰীসকলৰ ওচৰত আমি ক্ষমা বিচাৰিছো। বিমান বাতিলৰ ফলত ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। অথবা আন দিনত বিমানেৰে যাব বিচাৰিলে সেই ব্যৱস্থাও কৰা হ’ব।”
ইফালে এয়াৰ ইণ্ডিয়াৰ বিমান বাতিলৰ বিষয়ে অৱগত কৰি যাত্ৰীসকলে ছ’চিয়েল মিডিয়াত একাধিক পোষ্ট দিছে। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিমান বাতিলৰ খবৰ পোৱা বুলি বহু লোকে অভিযোগ কৰে। ক্ষোভ প্ৰকাশ কৰি প্ৰশ্ন উত্থাপন কৰে যে তেওঁলোকক আগতীয়াকৈ কিয় অৱগত কৰা হোৱা নাছিল। উল্লেখযোগ্য যে এমাহ পূৰ্বে ভিষ্টাৰ এয়াৰলাইন্সেও এই একে সমস্যাৰ সন্মুখীন হৈছিল। কৰ্মচাৰীয়ে ‘গণ ছুটী’ লোৱাৰ বাবে সেৱাত ব্যাঘাত জন্মে। যাৰ ফলত শ শ বিমান বাতিল কৰিবলগীয়া হৈছিল।