লোকসভা নিৰ্বাচনৰ (Loksabha Election) তৃতীয় পৰ্যায়ৰ প্ৰাৰম্ভিক হাৰে প্ৰথম দুটা পৰ্যায়ৰ তুলনাত ভোটৰ অংশ সামান্য বৃদ্ধি হোৱাৰ ইংগিত দিয়ে। অৱশ্যে বিজেপি নেতৃত্ব নিশ্চিত নহয়। গো-বলয়ৰ ৰাজ্যসমূহৰ ভিতৰত মধ্য প্ৰদেশত 66 শতাংশ ভোটদান হৈছে। কিন্তু মধ্য প্ৰদেশৰ বাহিৰে, বিজেপিৰ দুৰ্গ উত্তৰ প্ৰদেশ বা গুজৰাটৰ ভোটদানৰ হাৰত বিশেষ উন্নতি দেখা পোৱা নাই।
কিন্তু তাৰ মাজতে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যবোৰৰ ভিতৰত অসমত সৰ্বাধিক ভোটদান হৈছে। অসমত এই পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৮১.৭১%। আনহাতে, সমষ্টি হিচাপত বৰপেটাত ৮১.০৭%, ধুবুৰীত ৮৬.৮০%, গুৱাহাটীত ৭৫.৬৭% আৰু কোকৰাঝাৰ সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮০.৪৪%।
উল্লেখযোগ্য যে প্ৰথম দুটা পৰ্যায়ত দেশত প্ৰাৰম্ভিক ভোটদানৰ হাৰ আছিল ৬০ শতাংশৰ ওচৰত। অৱশ্যে, পিছত ই ৬৬ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰ তুলনাত মঙলবাৰে নিশা ১১.৪০ বজালৈকে সমগ্ৰ দেশৰ ৯৩ টা লোকসভা সমষ্টিত গড়ে ৬৪.৪০ শতাংশ ভোটদান নথিভুক্ত কৰা হৈছে। অৱশ্যে নিৰ্বাচন আয়োগৰ অনুমান, এই হাৰৰ চূড়ান্ত পৰিসংখ্যাত প্ৰথম দুটা পৰ্যায় অতিক্ৰম কৰিব।
উল্লেখ্য, মঙলবাৰে ভোটগ্ৰহণ হোৱা ৯৩টা সমষ্টিৰ ভিতৰত ৫ বছৰ পূৰ্বে বিজেপিয়ে লোকসভাৰ ৭১খন আসন লাভ কৰিছিল। এই তালিকাত গুজৰাটৰ ২৬খন আসনো অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ আসন যোৱাবাৰ বিজেপিয়ে দখল কৰিছিল। কিন্তু সেই ফলাফল ধৰি ৰখাটো এতিয়া বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
আনহাতে, গুজৰাটত ভোটাৰৰ ভোটৰ হাৰ যথেষ্ট কম। দিনটোৰ শেষত গুজৰাটত ভোটদানৰ হাৰ ৫৮.৯৮ শতাংশ। বিজেপিৰ সূত্ৰ অনুসৰি, গুজৰাটত বৃহৎ সালসলনিৰ সম্ভাৱনা কম। গতিকে ভোটদান কম হ’লেও চিন্তাৰ কোনো কাৰণ নাই। বৰঞ্চ উত্তৰ প্ৰদেশৰ পৰিসংখ্যাই প্ৰথম দুটা পৰ্যায়ৰ দৰেই বিজেপিক অস্বস্তিত পেলাইছে। তৃতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ যি দহটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই দহটা সমষ্টি মূলতঃ যাদৱ-ভূমি নামেৰে জনাজাত।
মুলায়ম সিং যাদৱৰ পৰিয়ালৰ তিনিজন সদস্যই দহটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। দিনটোৰ শেষত উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ ৫৭.৩৪ শতাংশ হয়। প্ৰাৰম্ভিক বিশ্লেষণৰ পিছত দলীয় নেতৃত্বই অনুভৱ কৰে যে এই যাত্ৰাতো বিজেপিৰ কৰ্মী-সমৰ্থকৰ এক বৃহৎ অংশ বুথলৈ যোৱা নাই।
বিহাৰতো একেই পৰিস্থিতি। নীতিশ কুমাৰৰ ৰাজ্যত ৫৮.১৮ শতাংশ ভোটদান হয়। কিন্তু ইয়াৰ মাজতে মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৬৬.০৫ শতাংশ হোৱাৰ বাবে বিজেপি কৰ্মীসকলৰ মাজত কিছু সকাহ পোৱা গৈছে। দলৰ নেতৃত্বই দাবী কৰিছে যে এইবাৰ ৰাজ্যৰ ৯খন আসনৰ আটাইকেইখন আসনত জয়ী হ’বলৈ গৈ আছে৷