ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত ভোটগ্ৰহণ বিষয়াসকলে মধ্য প্ৰদেশৰ (Madhya Pradesh) বেতুল ভোটকেন্দ্ৰৰ পৰা ইভিএম লৈ বাছত উভতিছিল। কিন্তু পথত বাছখনত হঠাতে জুই লাগে। এই জুইত চাৰিটা ইভিএম ভস্মীভূত হয়। অৱশ্যে ঘটনাটোত কোনো লোক আহত হোৱা নাই।
ঘটনাটো মধ্য প্ৰদেশৰ গোলা গাঁৱৰ ওচৰত মঙলবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয়।
অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকল ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে জুই নুমুৱাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
বেতুলৰ আয়ুক্ত নৰেন্দ্ৰ সূৰ্যৱংশীয়ে কয়, “বাছখনত ছয়টা ইভিএম আছিল। হঠাতে বাছখনত জুই লগাত বাছচালকসহ সকলোৱে বাছৰ পৰা নামি যায়। যদিও দুটা ইভিএম অক্ষত অৱস্থাত উলিয়াই অনা হয়, বাকী চাৰিটা জুইত ক্ষতিগ্ৰস্ত হৈছে।” সংবাদ প্ৰতিষ্ঠান পিটিআইৰ মতে, বেতুল লোকসভা সমষ্টিত ৭২.৬৫ শতাংশ ভোটাৰে ভোটদান কৰে।
উল্লেখযোগ্য যে বেটুলৰ ২৭৫, ২৭৬, ২৭৭, ২৮৮, ২৭৯ আৰু ২৮০ নম্বৰৰ বুথত থকা ইভিএম ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতি বিবেচনা কৰাৰ পিছত নিৰ্বাচন আয়োগে সেইকেইটা বুথত পুনৰ ভোট গ্ৰহণ হ’বনে নাই সিদ্ধান্ত ল’ব।