৬নং ডিফু লোকসভা সমষ্টি (Diphu Lok Sabha constituency)ত কংগ্ৰেছ দলৰ হৈ প্রতিদ্বন্দ্বিতা (Contesting on behalf of the Congress party) কৰা জয়ৰাম ইংলেঙে (Jairam Inglang) আজি ডিফুস্থিত নিজা বাসভবনত এখন সংবাদমেল (Press Meet) সম্বোধন কৰে। সংবাদমেল যোগে ইংলেঙে ভোট প্রদান কৰাৰ বাবে তিনিখন পার্বত্য জিলাবাসীক ধন্যবাদ জ্ঞাপন কৰে। ইংলেঙে কয় যে নির্বাচনত আমি অনেক অভাৱ অনাটনৰ মাজেৰে প্রতিদ্বন্দ্বিতা কৰিব লগাত পৰিছিলো। টকা-পইচা বুলিবলৈ আমাৰ বিশেষ নাছিল, বিশেষকৈ আমাৰ ধনবিতৰ অভাৱ যথেষ্ট আছিল। যিয়েই নহওক জনতাই কংগ্রেছ দললৈ আগবঢ়োৱা সঁহাৰি আৰু মৰম-চেনেহৰ বাবে তিনিওখন পার্বত্য জিলাবাসীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি ইংলেঙে দোহাৰে।
ইন্ডিয়া এলায়েঞ্চৰ সহযোগী চিপিআইএমএল) দলৰ হিলচ পার্টি কমিটিৰ শীর্ষ নেতা ৰবি কুমাৰ ফাংচ’ উপস্থিত থকা সংবাদমেলত ইংলেঙে ইন্ডিয়া এলায়েঞ্চে এইবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰি ইণ্ডিয়া এলায়েঞ্চৰ চৰকাৰ গঠন হ’লে তেওঁলোকে দেশবাসীৰ লগতে পার্বত্য জিলাবাসীক প্রদান কৰা নিৰ্বাচনী গোৰাণ্টিসমূহ পূৰণ কৰা হ’ব বুলি দাবী কৰে। পার্বত্য জিলাবাসীৰ দীর্ঘদিনীয়া দাবী এখন স্বায়ত্তশাসিত ৰাজ্য দাবী বিষয়টোৰো সমাধা হ’ব বুলি ইংলেঙে আশা প্রকাশ কৰে।
ইংলেঙে কাৰ্বি আংলং জিলাৰ আন্তঃজিলা সীমা বিবাদ আৰু আন্তঃৰাজ্যিক সীমা বিবাদো ইণ্ডিয়া এলায়েঞ্চৰ চৰকাৰ গঠন হ’লে মীমাংসা হ’ব বুলি সংবাদমেলযোগে দাবী কৰে।
সাংবাদিকে বিজেপি দলৰ প্রার্থী অমৰছিং তিছ’ আৰু নির্দলীয় জে আই কাথাৰে ক্ৰমে ৩ লাখ আৰু ৫ লাখ ভোটত বিজয়ী হ’ম বুলি কৰা দাবী সন্দৰ্ভত উত্তৰ দি কয় যে, এইবাৰ নিৰ্বাচনত সমষ্টিটোত ৬ লাখ ৮০ হাজাৰ ভোটদান হৈছে। যদি তেওঁলোকে দুয়োটা দলে মিলি সকলো ভোট পাম বুলি ভাবিছে তেন্তে সেইটো তেওঁলোকৰ নিজা দাবী বুলি উল্লেখ কৰি কংগ্রেছ দলে কিমান ভোট পাব সেইটো দাবী নকৰে যদিও এইবাৰ নিৰ্বাচনত আমি বিজয়ী হ’ম সেইটো নিশ্চিত বুলি উল্লেখ কৰে।
আনহাতে, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সৰু সৰু ঠিকাদাৰসমূহ শেষ কৰি পেলালে বুলি কটাক্ষ কৰি এতিয়া বজাৰত সামগ্রী আছে কিন্তু ক্ৰয় কৰিবলৈ জনতাৰ হাতত ধনৰ অভাৱ বুলি ইংলেঙে সমালোচনা কৰে। ইপিনে, নির্দলীয় জে আইকাথাৰে বিজয়ী হ’লে ইণ্ডিয়া এলায়েঞ্চত থাকিব বুলি দাবী কৰা সন্দৰ্ভত ইংলেঙে তেওঁলোকৰ দলটো আমাৰ সৈতে কোনো ধৰণৰ গঠবন্ধনত নাই বুলি উল্লেখ কৰি এ জে পিৰ সৈতেহে দলটোৰ মিত্ৰতা আছিল আৰু সেইসূত্রে তেওঁলোকে আমাৰ দুই-এখন মিটিঙত উপস্থিত আছিল যদিও এনেধৰণৰ কোনো সম্ভাবনা নাকচ কৰে।