ঝাৰখণ্ডৰ (Jharkhand) এজন মন্ত্ৰীৰ সচিবৰ পৰিচাৰকৰ ঘৰত অভিযান চলাই ২০ কোটি টকা জব্দ কৰে বলবৎকাৰী সঞ্চালকালয়ে। সোমবাৰে পুৱাৰে পৰা ৰাঁচীৰ বিভিন্ন স্থানত অভিযান আৰম্ভ কৰে ইডিৰ বিষয়াই।
ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিবক সঞ্জীৱ লালৰ পৰিচাৰকৰ ঘৰতো অভিযান চলায়। ইডিৰ সূত্ৰ অনুসৰি, পৰিচাৰিকাগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ২০ কোটি টকা। ইডিৰ অনুমান যে এই ধন ধন আত্মসাতৰ গোচৰৰ সৈতে জড়িত।
উল্লেখযোগ্য যে সোমবাৰে পুৱা সঞ্জীৱৰ পৰিচাৰকৰ ঘৰত তালাচী চলাই ২০ কোটি টকা উদ্ধাৰ কৰে ইডিৰ বিষয়াসকলে। ইডিয়ে দাবী কৰে যে গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামৰ আৰ্থিক আত্মসাতৰ গোচৰত সঞ্জীৱৰ নাম জড়িত আছিল। উক্ত যোগসূত্ৰৰ ভিত্তিত সোমবাৰে পুৱাৰে পৰা ইডিৰ বিষয়াসকলে অভিযান আৰম্ভ কৰে।
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰেন্দ্ৰক। বিভিন্ন প্ৰকল্পৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। ইডিৰ দাবী যে সঞ্জীৱো এই গোচৰৰ সৈতে জড়িত। তেওঁৰ ঘৰৰ পৰা নগদ ধনসহ এটা পেন ড্ৰাইভো উদ্ধাৰ কৰা হৈছে। ইডিৰ বিষয়াসকলে কয় যে সঞ্জীৱ ঝাৰখণ্ডৰ অন্যান্য মন্ত্ৰীসকলৰ সৈতেও ধনৰ লেনদেনত জড়িত আছিল।