শনিবাৰে সন্ধিয়া ৮ মান বজাত বকলীয়াঘাটত সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা (Road accident in Bakliaghat)৷ ডিফু অভিমুখী ট্ৰেক্টৰ আৰু ডবকা অভিমুখী চেব্ৰলেট বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় উক্ত দুৰ্ঘটনা৷ বকলীয়াঘাট নগৰৰ হনুমান মন্দিৰত ওচৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাটোত দুয়োখন বাহনৰ চালকদ্বয় গুৰুতৰভাবে আঘাট প্ৰাপ্ত (Drivers of the vehicle are seriously injured) হয়৷ আঘাটপ্ৰাপ্ত অৱস্থাত দুয়োকে বকলীয়াঘাটৰ ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে৷ বাতৰি লিখা পৰলৈকে আঘাটপ্ৰাপ্ত চালক দুগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই৷