আজি সন্ধিয়া ৬ বজাত এক নিশ্চিত সূত্ৰৰ পম খেদি খটখটী থানাৰ অধীনৰ দুদু ক’লনিত খটখটী আৰক্ষীয়ে অভিযান (Khatkhati police raid in Dudu Colony) চলাই ৯৯.০৯ গ্রাম হেৰ’ইন জব্দ (Heroin seized) কৰিবলৈ সক্ষম হয়। মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্ম, খটখটী আৰক্ষী বিষয়া ৰমেন বৰদলৈ, এছ আই দীপকলাহন, এছ আই স্বমধন স্বর্গীয়াৰীৰ নেতৃত্বত অভিযান চলিছিল। অভিযানকালত আৰক্ষীয়ে জাকিৰ হুছেইন (৩০) গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে হেৰ’ইনখিনি ১৪টা চাধা টেমাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয়৷
উল্লেখযোগ্য যে, অসম নাগালেণ্ড সীমান্তঞ্চল লাহৰিজানৰ দুদু কলনিত দৈনিক বৃদ্ধি পাই অসামাজিক কাৰ্যকলাপ আৰু নিচাযুক্ত ড্ৰাগছৰ পয়োভৰে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠিলি নিয়া কাৰ্যত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে৷