গুগল ডুডলে (Google Doodle) আজি ভাৰতৰ মল্লযুঁজাৰু (Wrestlers from India) হামিদা বানুক উদযাপন (Hamida Banu Celebrations) কৰিছে। উল্লেখযোগ্য যে তেওঁ হৈছে ভাৰতৰ প্ৰথম পেছাদাৰী মহিলা মল্লযুঁজাৰু (India’s first professional woman wrestler)। বাংগালুৰুৰ অতিথি শিল্পী দিব্যা নেগীয়ে চিত্ৰিত কৰা আজিৰ ডুডলত স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰে আগুৰি থকা হামিদাক চিত্ৰিত কৰা হৈছে।
উল্লেখযোগ্য যে ১৯৫৪ চনৰ আজিৰ দিনটোতে বানুৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু প্ৰশংসা লাভ কৰিছিল। তেওঁ বিখ্যাত মল্লযুঁজাৰু বাবা পহলৱানক মাত্ৰ ১ মিনিট ৩৪ ছেকেণ্ডত পৰাস্ত কৰিছিল। তাৰ পিছতে তেওঁ পেছাদাৰী মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
১৯০০ চনৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ আলিগড়ৰ ওচৰত মল্লযুঁজাৰু পৰিয়ালত জন্মগ্ৰহণ কৰা বানুৱে মল্লযুঁজৰ পৰিবেশত ডাঙৰ-দীঘল হৈছিল। ১৯৪০ আৰু ১৯৫০ চনৰ সমগ্ৰ কেৰিয়াৰত ৩০০ৰো অধিক প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰিছিল। সেই সময়ত প্ৰচলিত সামাজিক নীতি-নিয়মৰ দ্বাৰা এথলেটিকছত মহিলাৰ অংশগ্ৰহণক তীব্ৰভাৱে নিৰুৎসাহিত কৰা হৈছিল যদিও বানু উৎসাহী আছিল আৰু তেওঁ যিকোনো ধৰণে পুৰুষৰ সৈতে প্ৰতিদ্বন্দিতা কৰিছিল।
সকলো পুৰুষ মল্লযোদ্ধাক মুকলি প্ৰত্যাহ্বান জনাইছিল আৰু তেওঁক পৰাজিত কৰিবলৈ প্ৰথমজনৰ সৈতে বিবাহত তেওঁ হাত আগবঢ়াইছিল। আনকি তেওঁৰ কেৰিয়াৰ আন্তৰ্জাতিক ক্ষেত্ৰলৈও বিস্তাৰিত হৈছিল, য’ত তেওঁ এগৰাকী ৰাছিয়ান মহিলা মল্লযোদ্ধা ভেৰা চিষ্টিলিনৰ বিৰুদ্ধে দুই মিনিটতকৈও কম সময়ত জয়ী হৈছিল।
বছৰ বছৰ ধৰি বাতৰিকাকতৰ শিৰোনামত তেওঁৰ নামে ঠাই পাইছিল। লগতে তেওঁ “আলিগড়ৰ আমাজন” নামেৰে পৰিচিত হৈছিল। তেওঁ জয়ী হোৱা বাউটবোৰ, তেওঁৰ খাদ্য আৰু তেওঁৰ প্ৰশিক্ষণৰ নিয়মবোৰৰ বিষয়ে বহুলভাৱে আলোচনা কৰা হৈছিল।
হামিদা বানু আছিল তেওঁৰ সময়ৰ এগৰাকী ট্ৰেইলব্লেজাৰ আৰু তেওঁৰ নিৰ্ভীকতাক সমগ্ৰ ভাৰতবৰ্ষতে আৰু সমগ্ৰ বিশ্বতে স্মৰণ কৰা হয়। তেওঁক ক্ৰীড়াৰ সাফল্যৰ বাহিৰেও নিজৰ প্ৰতি থকা সততাৰ বাবেও সদায় উদযাপন কৰা হ’ব।