গডৰেজ গ্ৰুপৰ সম্পত্তি ভাগ-বাটোৱাৰা (Godrej Group’s property sharing) হ’ল। গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ (Godrej Industries Group) আৰু গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ (Godrej Enterprise Group) বহু কোম্পানীয়ে এই ১২৭ বছৰীয়া ভাৰতীয় উদ্যোগী গ্রুপটোৰ এটা ছাতিৰ অধীনত ইমান দিনে একেলগে কাম কৰি আহিছে। কিন্তু গডৰেজ গ্ৰুপে এক বিবৃতিত কয় যে এই সকলোবোৰ কোম্পানীক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে তলা-ছাবিৰ পৰা আৰম্ভ কৰি চাবোন, ফ্ৰীজ, আলমাৰী, ঘৰুৱা আচবাব, পাকঘৰ আৰু বাথৰুমৰ সঁজুলিলৈকে গডৰেজৰ নিৰ্মাণ ব্যৱসায় আছে। টাটা গ্ৰুপৰ দৰে গডৰেজ ভাৰতীয় পৰিয়াল নিয়ন্ত্ৰিত পাৰিবাৰিক ব্যৱসায়ৰ ভিতৰত অন্যতম। ১৮৯৭ চনত অধিবক্তাৰ পৰা ব্যৱসায়ীলৈ পৰিৱৰ্তন হোৱা আৰ্দেছি গডৰেজে এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল। পিছত আৰ্দেশীৰ ভাতৃ পিৰোজছা আৰু তেওঁৰ সন্তানে এই গ্ৰুপৰ দায়িত্ব লয়। আধুনা গডৰেজৰ বংশগত মালিকীস্বত্ব আছিল পিৰোজছাৰ প্ৰপৌত্ৰ আদি আৰু নাদিৰ গডৰেজ (পিৰোজছাৰ পুত্ৰ বুৰ্জাৰ গডৰেজৰ পুত্ৰ) আৰু জামছিদ আৰু স্মিতা গডৰেজ কৃষ্ণ (নৱল গডৰেজৰ সন্তান, কনিষ্ঠ পুত্ৰ)। এই চাৰিজন লোকৰ মাজত বিভক্ত হৈছে গডৰেজ গ্ৰুপৰ কোম্পানী।
উল্লেখযোগ্য যে আদিৰ বয়স এতিয়া ৮২ বছৰ। নাদিৰৰ বয়স ৭৩ বছৰ। জামছিদ আৰু স্মিতাৰ ক্ৰমে ৭৫ আৰু ৭৪। গডৰেজ বংশত তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্ম আদিৰ পুত্ৰ পিৰোজছা গডৰেজ (৪২) আৰু স্মিতাৰ কন্যা নিৰিকা হোলকৰেও (৪২) দায়িত্ব চম্ভালিবলৈ আৰম্ভ কৰিছে।
নতুন সিদ্ধান্ত অনুসৰি, গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অন্তৰ্গত ৫টা তালিকাভুক্ত কোম্পানী (অৰ্থাৎ ষ্টক মাৰ্কেটত তালিকাভুক্ত কোম্পানী) আদি আৰু নাদিৰৰ হাতত থাকিব। এই কোম্পানীসমূহ হ’ল- গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এক্ৰ’বেট আৰু এজটেক লাইফছায়েন্সেছ। এই সংগঠনসমূহৰ অধ্যক্ষ হ’ব নাদিৰ। আদি-পুত্ৰ পিৰোজছা কাৰ্যবাহী উপাধ্যক্ষ হ’ব। ২০২৬ চনৰ আগষ্ট মাহত তেওঁ নাদিৰৰ উত্তৰাধিকাৰী হ’ব।
আনহাতে, গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ অধীনত তালিকাভুক্ত নোহোৱা কোম্পানী (ষ্টক মাৰ্কেটত তালিকাভুক্ত নোহোৱা কোম্পানী) সমূহৰ গডৰেজ এণ্ড বয়ছৰ অধীনত বহুতো সৰু সৰু কোম্পানী আছে। বিমান, মহাকাশ, প্ৰতিৰক্ষা, আচবাব, আই টি উদ্যোগত তেওঁলোকৰ উপস্থিতি আছে। এই কোম্পানীসমূহ নিয়ন্ত্ৰিত হ’ব জামছিদ গডৰেজৰ দ্বাৰা। তেওঁ এই কোম্পানীসমূহৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হ’ব। কাৰ্যবাহী সঞ্চালক হ’ব নিৰিকা। মুম্বাইত জামছিদ আৰু স্মিতাৰ ৩৪০০ একৰ মাটিও থাকিব।
মালিকীস্বত্বৰ পৰিৱৰ্তন সন্দৰ্ভত এক বিবৃতিত গডৰেজ গ্ৰুপে কয় যে এই সিদ্ধান্ত আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে পাৰিবাৰিকভাৱে লোৱা হৈছে। কাৰণ দিয়া হৈছে যে গডৰেজ পৰিয়ালৰ সদস্যসকলৰ ব্যৱসায়িক দৰ্শন আৰু দৃষ্টিভংগীক গুৰুত্ব আৰু স্বীকৃতি দিয়াৰ সিদ্ধান্ত। গডৰেজ গ্ৰুপে বিবৃতিটোত কয় যে ইয়াৰ দ্বাৰা অৱশেষত শ্বেয়াৰহোল্ডাৰসকল উপকৃত হ’ব।