ব’হাগৰ দুপৰীয়াৰ উত্তাপত দহিছে এতিয়া দেশৰ বিভিন্ন ৰাজ্য। লগতে এইবাৰৰ গৰমে ভংগ কৰিছে বহু বছৰৰ ৰেকৰ্ড (Heat breaks record)। কলকাতাৰ তাপমাত্ৰা ৪৩ ডিগ্ৰী পৰ্যন্ত হৈছে। আনহাতে, বংগৰ সৰ্বোচ্চ উষ্ণতা ৫০ ডিগ্ৰী স্পৰ্শ কৰিছে। এই পৰিস্থিতি কেৱল বংগতেই নহয়, দেশৰ কেইবাখনো ৰাজ্য ভয়াৱহ গ্ৰীষ্ম প্ৰবাহত (Several states are in dire heat waves) ভুগিছে। বতৰ বিজ্ঞান বিভাগে বুধবাৰে ১৩খন ৰাজ্যত গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী (Summer Flu warning) জাৰি কৰিছে।
বতৰ বিভাগৰ তথ্য অনুসৰি, আগন্তুক তিনিদিনলৈ দেশৰ কমেও ১৩খন ৰাজ্যত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি থাকিব। লগতে ৰেড এলাৰ্টো জাৰি কৰা হৈছে। উক্ত তালিকাত উত্তৰ প্ৰদেশ প্ৰথম। বিগত কেইদিনমানৰ পৰা ৰাজ্যখনত গৰম অসহ্যকৰ হৈ পৰিছে। বাৰাণসী, লক্ষ্ণৌৰ দৰে অঞ্চলতো উষ্ণতাই ৪০ ডিগ্ৰীৰ সীমা অতিক্ৰম কৰিছে। বতৰ বিভাগৰ মতে উত্তৰ প্ৰদেশ, গুজৰাটৰ কুচ্চ, সৌৰাষ্ট্ৰ, পশ্চিমবংগ, গোৱা, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, কৰ্ণাটকৰ পূব অংশত গ্ৰীষ্ম প্ৰবাহ হ’ব পাৰে। ওড়িশা, বিহাৰ, ঝাৰখণ্ডতো ভয়াৱহ পৰিস্থিতি হ’ব পাৰে।