চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ (Lok Sabha elections) প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ কম হোৱা সন্দৰ্ভত বিভিন্ন মহলত আলোচনা চলি আছে। কেইবাখনো ৰাজ্যত এতিয়াও ২০১৯ চনৰ তুলনাত ভোটাৰৰ ভোটদানৰ হাৰ কম। ৰাজ্য আৰু জিলা প্ৰশাসনে সেয়েহে ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে বিভিন্ন আকৰ্ষণীয় ব্যৱস্থা (Various interesting measures to increase voter turnout) গ্ৰহণ কৰিছে। পিছপৰি থকা নাই ব্যক্তিগত উদ্যোগো। বাংগালুৰুৰ হোটেলসমূহত বিনামূলীয়াকৈ ডোছা (Dossa for free), লাডুৰ ব্যৱস্থাৰ আয়োজন কৰা হৈছে। কিন্তু এই সকলোবোৰ অতিক্ৰম কৰিলে মধ্যপ্ৰদেশৰ ভূপালত (Bhopal in Madhya Pradesh)।
২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনৰ তুলনাত ৰাজ্যখনত ভোটাৰৰ ভোটদানৰ হাৰ এতিয়াও কম। ৰাজ্যখনত গড়ে ৮.৫ শতাংশ ভোটৰ হাৰ কম। এই পৰ্যন্ত দুটা পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে ৰাজ্যখনত। মুঠ ৭টা পৰ্যায়ৰ ভিতৰত চাৰিটা পৰ্যায়ত ভোটদান হʼব মধ্যপ্ৰদেশত। অহা ৭ মে’ত দেশত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মধ্যপ্ৰদেশৰ ৮টা সমষ্টিত এই পৰ্যায়ত ভোটদান হ’ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ভোটাৰৰ ভোটদানৰ হাৰ কম হোৱাৰ বাবে ভূপাল জিলা প্ৰশাসনে ভোটাৰক উৎসাহিত কৰাৰ লগতে ভোটাৰৰ ভোটদান বৃদ্ধিৰ বাবে আকৰ্ষণীয় উপহাৰৰ ব্যৱস্থা (Attractive gift arrangement) কৰে।
তৃতীয় পৰ্যায়ত ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে লটাৰীৰ আয়োজন কৰিছে। আকৰ্ষণীয় পুৰস্কাৰৰ তালিকাত হীৰাৰ আঙঠি, টিভি, স্কুটাৰ, বাইক, ফ্ৰীজৰ দৰে কেইবাটাও বস্তু সন্নিবিষ্ট কৰা হৈছে। ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে জিলা নিৰ্বাচনী কাৰ্যালয়সমূহে প্ৰচাৰ চলাইছে। ভূপালৰ নিউ মাৰ্কেট, কেইবাটাও শ্বপিং মলকে ধৰি মহানগৰীৰ বিভিন্ন স্থানতো লটাৰী বাকচ ৰখা হৈছে। ভূপাল জিলা পঞ্চায়তৰ মুখ্য নিৰ্বাচনী বিষয়া ঋতুৰাজ সিঙে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, ভূপালত মুঠ ২০৯৭ টা বুথ আছে। তাত ৬ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। ইয়াৰ উপৰি বাম্পাৰ প্ৰাইজ আছে। ঋতুৰাজে কয় যে ভোটাৰে ফৰ্ম পূৰণ কৰিব লাগিব। তাত মোবাইল নম্বৰ, নাম আৰু ভোটাৰ আইডিৰ সৈতে কুপন বক্সত ফৰ্মখন দিব লাগে। অৱশ্যে ভোটাৰৰ চিয়াঁহী দেখুৱাইহে ভোটাৰসকলে পুৰস্কাৰ লাভ কৰিব পাৰিব।
জিলা নিৰ্বাচনী বিষয়া কৌশলেন্দ্ৰ বিক্ৰম সিঙে কয় যে ভোটগ্ৰহণৰ দিনটোত প্ৰতিটো বুথৰ পৰা তিনিটাকৈ ‘লাকী ড্ৰ’ লোৱা হ’ব। পুৱা ১০ বজা, বিয়লি ৩ বজা আৰু সন্ধিয়া ৬ বজাত। প্ৰতিটো ‘লাকী ড্ৰ’’ৰ পৰা এজনকৈ ভোটাৰ নিৰ্বাচিত কৰা হ’ব।