আগন্তুক টি-২০ বিশ্বকাপৰ (T20 World Cup) বাবে ১৫ জনীয়া দল ঘোষণা (15-member squad announced) ভাৰতীয় ক্ৰিকেট নিৰ্বাচক সমিতিৰ (Cricket Selection Committee of India)। ৰোহিত শৰ্মাৰ জন্মদিনৰ দিনা ভাৰতীয় দলটো ঘোষণা কৰে ব’ৰ্ডে। উল্লেখযোগ্য যে এইবাৰ ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে তাত অংশগ্ৰহণ কৰিব। ১৫ জনীয়া দলটোত আছে বিৰাট কোহলী, যশপ্ৰীত বুমৰাহৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ। আনহাতে, যশস্বী জয়ছোৱালৰ দৰে যুৱ ক্ৰিকেটাৰো আছে। উল্লেখ্য যে ১৬ মাহৰ পাছত ভাৰতীয় দললৈ ঘূৰি আহিছে ঋষভ পন্ত।
এইবাৰ আইপিএলত সুন্দৰ ফৰ্মত আছে বিৰাট। এতিয়ালৈকে তেওঁ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। অৱশ্যে বিশ্বকাপত বিৰাটক অ’পেনাৰ হিচাপে দেখা যাবনে নাই সেয়া স্পষ্ট হোৱা নাই। কাৰণ ৰোহিত আৰু যশস্বী দলত আছে। তেনে ক্ষেত্ৰত তিনি নম্বৰত বেটিং কৰিব বিৰাটে।
আনহাতে, ভাৰতীয় দলত আছে টি-২০ ৰেংকিঙৰ এক নম্বৰ বেটছমেন সূৰ্যকুমাৰ যাদৱ। উইকেটকীপাৰ হিচাপে দলত পন্টৰ স্থান। চঞ্জু চেমচনো দলত আছে। আইপিএলত ভাল খেলি ভাৰতীয় দলত তেওঁ স্থান লাভ কৰে। অৱশ্যে স্থান লাভ কৰা নাই লোকেশ ৰাহুলে।
ইফালে হাৰ্দিকক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অৰ্থাৎ প্ৰথম এঘাৰত তেওঁৰ স্থান নিশ্চিত। শিৱম ডুবেও দলত আছে। দুয়োজনেই অলৰাউণ্ডাৰ। অৱশ্যে দুয়োজনেই পেচ বলাৰ বাবে যিকোনো এজনে প্ৰথম একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। যিহেতু হাৰ্দিক উপ অধিনায়ক, ডুবেই হয়তো বাহিৰত থাকিব লাগিব পাৰে।
সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰকো দলত ৰখা হৈছে। আইপিএলত ভাল খেলা যুজবেন্দ্ৰ চাহালক ১৫ জনীয়া দলত ৰাখিছে নিৰ্বাচক দলে। দলটোত অক্ষৰ পেটেলো আছে।
আনহাতে, পেচ আক্ৰমণ চম্ভালিবলৈ আছে যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু মহম্মদ চিৰাজ। আইপিএলত অৱশ্যে ফৰ্মত নাই ছিৰাজ। কিন্তু ব’ৰ্ডে তেওঁক দলত ৰাখিছে।
১৫ জনীয়া দল : ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), শিৱম ডুবে, ৰবিন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ , যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ।
সংৰক্ষিত : শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ, আবেশ খান।