প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলক লৈ এইবাৰ কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছে। সোমবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যম নিউজ ১৮ক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে কংগ্ৰেছকে ধৰি বিৰোধীৰ যদি ক্ষমতা আছে তেন্তে ৩৭০ অনুচ্ছেদ ঘূৰাই আনি দেখুৱাওক।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰৰ বিজেপি চৰকাৰে ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰে লাভ কৰা বিশেষ মৰ্যাদা বাতিল কৰে। লগতে জম্মু-কাশ্মীৰ ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হয়। সেয়া হৈছে জম্মু-কাশ্মীৰ আৰু লাডাখ। যাৰ বাবে কাশ্মীৰ উপত্যকাৰ দুটা মূল দল নেচনেল কনফাৰেন্স আৰু পিডিপিৰ লগতে কংগ্ৰেছ, তৃণমূল আৰু বাওঁপন্থীয়ে আপত্তি দাঙি ধৰে।
৩৭০ অনুচ্ছেদ বাতিলৰ পিছত চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমবাৰৰ বাবে শ্ৰীনগৰ ভ্ৰমণত কংগ্ৰেছকে ধৰি বিৰোধীয়ে কাশ্মীৰ উপত্যকাৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। এইবাৰ তেওঁ পোনপটীয়াকৈ বিৰোধীক প্ৰত্যাহ্বান জনায়। মোডীয়ে কয় যে কংগ্ৰেছৰ ক্ষমতা থাকিলে সংবাদমেল অনুষ্ঠিত কৰি ক’ব লাগে যে কেন্দ্ৰত ক্ষমতা দখল কৰিলে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ঘূৰাই আনিব।
উল্লেখ্য, যোৱা বছৰৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পদক্ষেপক সন্মতি দি কয় যে কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ সিদ্ধান্ত অসাংবিধানিক নহয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ পৰামৰ্শ মতে তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে লোৱা সিদ্ধান্ত বৈধ বুলি ৰায় দিয়ে।