সোমবাৰে বিয়লি চাৰিমান বজাত কাৰবি আংলং ক্ৰীড়া সন্থাৰ পৰা প্ৰাপ্ত এক খবৰ অনুসৰি উত্তৰ-পূৰ্বাঞ্চলজুৰি ষ্টীল অথ’ৰিটি অফ ইণ্ডিয়াৰ লিমিটেডৰ ফুটবল একাডেমিয়ে প্রতিভাসন্ধানী প্রতিযোগিতা (Competing talents) অনুষ্ঠিত কৰিছিল। কাৰ্বি আংলং জিলা ক্রীড়া সন্থাৰ লগতো চেইলে এনে প্রতিভাসন্ধানী খেল অনুষ্ঠিত কৰিছিল আৰু কাৰবি আংলঙৰ (Karbi Anglong) ৬গৰাকী তৰুণ ফুটবল খেলুৱৈক (6 young footballers) ঝাৰখণ্ডস্থিত বকাৰ’ ফুটবল একাডেমিলৈ চূড়ান্ত নিৰ্বাচনৰ বাবে নিৰ্বাচিত (Selected for Bokaro Football Academy) কৰিছে। খেলুৱৈ কেইগৰাকীয়ে আজি নিশা ৰাওনা দিব বুলি জিলা ক্রীড়া সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
নির্বাচিত তৰুণ ফুটবল খেলুৱৈ কেইগৰাকী ক্ৰমে- ডেৰাশৰত বসুমতাৰী, ছাৰবিলং ইংতি, জিৰজাৰ ৰংপি, ছাৰবামন তিছ’, ডেভিছন বে’ আৰু ইনুছ টেৰণ।