দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal) বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। যাৰ বাবে পত্নী সুনীতাই পূব দিল্লীৰ পৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী কুলদীপ কুমাৰৰ সমৰ্থনত কোণ্ডলি অঞ্চলত এক সমদল উলিয়ায়।
উল্লেখযোগ্য যে দিল্লীৰ সাতখন লোকসভা আসনৰ নিৰ্বাচন ২৭ মে’ত অনুষ্ঠিত হ’ব। যদিও দিল্লীত আপ শাসনত আছে, কিন্তু বিগত দুটা লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজধানীত দলটোৱে আসন লাভ কৰা নাছিল। এইবাৰ পৰিস্থিতি বেলেগ।
আনহাতে, মোডী চৰকাৰৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালৰ আন্দোলনক লৈ দিল্লীৰ এটা অংশৰ আৱেগ দলটোৰ সৈতে আছে বুলি আম আদমী পাৰ্টিৰ নেতৃত্বই অনুভৱ কৰে। যাৰ বাবে দলটোৱে অৰবিন্দ কেজৰিৱালৰ পত্নীক উক্ত অনুভূতিত সাৰ পানী যোগাবলৈ প্ৰচাৰৰ মুখ্য মুখ কৰি তুলিছে।
সুনীতাক পূব দিল্লীত এখন খোলা হুডযুক্ত গাড়ীত প্ৰচাৰ চলাই থকা দেখা যায়। তেওঁৰ লগত আছিল প্ৰাৰ্থী কুলদীপ। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পিছত দিল্লীৰ ৰামলীলা ময়দান আৰু ৰাঁচীত ‘ইণ্ডিয়া’ৰ ৰেলী সম্বোধন কৰা সুনীতাই প্ৰথমবাৰৰ বাবে ৰাজপথলৈ ওলাই আহিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ কৰি সুনীতাই কয়, “মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি গ্ৰেপ্তাৰ কৰা হৈছে, কাৰণ তেওঁ দৰিদ্ৰ লোকসকলৰ বাবে মহল্লা ক্লিনিক নিৰ্মাণ কৰিছিল আৰু চৰকাৰী বিদ্যালয় সলনি কৰিছিল।”
আনহাতে, ইয়াৰ প্ৰত্যুত্তৰত বিজেপি নেতা মনজিন্দৰ চিৰছাই কয়, “মই আপ নেতাসকলক মনত পেলাই দিব বিচাৰো যে কেজৰিৱালৰ বিৰুদ্ধে চুৰিৰ অভিযোগৰ বাবে তেওঁ কাৰাগাৰত আছে। যদি কেজৰিৱালৰ সামান্যতমো আত্মসন্মান আছে, তেন্তে তেওঁ তৎক্ষণাৎ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিত।”
আপে দিল্লীৰ সাতখন লোকসভা আসনৰ ভিতৰত চাৰিখনত প্ৰতিদ্বন্দিতা কৰিছে। কংগ্ৰেছে বাকী তিনিটাত প্ৰাৰ্থী প্ৰদান কৰিছে। সুনীতাই কাইলৈ পশ্চিম দিল্লীত দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ৰাজপথত সমদল কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, ইতিমধ্যে সমদলৰ সময়ত পথৰ দুয়োফালে উপস্থিত মহিলাৰ সংখ্যাই আপ নেতা আতিশীক উৎসাহিত কৰে।
তেওঁ কয়, “বিজেপিয়ে ভাবিছিল যে কেজৰিৱালক কাৰাগাৰত ৰাখিলে আপ শেষ হৈ যাব। কিন্তু এতিয়া দিল্লীৰ মানুহ কেজৰিৱালৰ সমৰ্থনত পথত নামিছে। ইতিবাচক দিশ হ’ল সুনীতাৰ সমৰ্থনত বিপুল সংখ্যক মহিলা আগুৱাই আহিছে। ভোটৰ ফলাফলে কৈ দিব তেওঁৰ গ্ৰপ্তাৰত দিল্লীৰ মানুহ কিমান ক্ষুদ্ধ।”