পাৰ্বত্য জিলাৰ একমাত্ৰ সংসদীয় ৬নং ডিফু সমষ্টিৰ (No. 6 Diphu Constituency) ১,০১৬ টা ভোট কেন্দ্ৰলৈ আজি ডিফু, বোকাজান, হামৰেণ আৰু হাফলং নিৰ্বাচনী জিলাৰ পৰা ৰাওনা হৈছে। EVM আৰু অন্যান্য নিৰ্বাচনী সামগ্ৰী লৈ লৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা (Leaving for polling booths) নিৰ্বাচনী বিষয়াৰ দলসমূহ (Parties of Electoral Officers)। কালি ২০১ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মী উপস্থিত হৈছে ৷
আজি ডিফুৰ আইএছবিটি ষ্ট্ৰং ৰুমৰ পৰা EVM মেচিন লগতে সা-সৰঞ্জাম লৈ ডিফু বিধানসভা সমষ্টিৰ ২২১টা আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ ১৯৬ টা ভোট গ্ৰহন কেন্দ্ৰ লৈ নিৰ্বাচনী বিষয়াসকল ৰাওনা হৈছে। ৬নং ডিফু লোকসভা সমষ্টিত সৰ্বমুঠ ভোট গ্ৰহণ কেন্দ্ৰ ১২১৭টা (Polling booths 1217)।
বোকাজান-২০৩টা হাওৰাঘাট-২২২টা ডিফু -২২৬ ৰংখাং-১৭২টা আমৰি-১৪০ হাফলং-২৫৪টা ভোট গ্ৰহণ কেন্দ্ৰ।
ইতিমধ্যে কালি ২০১টা দুৰ্গম অঞ্চলৰ ভোট গ্ৰহন কেন্দ্ৰত গৈ উপস্থিত হৈছে নিৰ্বাচনী দল।
তদুপৰি ডিফু-হাওৰাঘাটত ২০টা আৰু বোকাজান সমষ্টিত ২৫টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়া দ্বাৰা পৰিচালিত হ’ব ৷
ডিফু-হাওৰাঘাট সমষ্টিত ২০টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ থাকিব ৷
১৪৫টা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে আৰু এইবাৰ দুটা ভোট কেন্দ্ৰ যুৱতী বিষয়াৰ দ্বাৰা ডিফুৰ চৰকাৰী বালক আৰু বালিকা বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰত নিৰ্বাচন পৰিচালিত কৰিব।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে কয়যে, ভোটকেন্দ্ৰলৈ ভোট গ্ৰহণ কৰিবলগীয়া নিৰ্বাচনী বিষয়া কৰ্মী সকলক যাৱতীয় সুবিধা ক্ৰমে, মেডিকেল কীট,পানী,ছাতি, লাইট আৰু দুজনকৈ আৰক্ষীৰ লোক দিয়া হৈছে ৷ ৬৫০ ভোট কেন্দ্ৰত ওৱেভ কাষ্টিং কৰাৰ লগতে বিশেষ ভাবে সক্ষম আৰু ৮৫ উৰ্ধৰ বৃদ্ধ লোক লোকৰ বাবে ভোট গ্ৰহণৰ বিশেষ ব্যৱস্থা কৰাৰ লগতে হুইল চেয়াৰৰ ব্যৱস্থা কৰা হৈছে।