দেশৰ লগতে অসমৰো পাঁচটা লোকসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ (Five Lok Sabha constituencies in Assam go to the polls) বাবে আজি সন্ধিয়া প্ৰচাৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচন (The second phase of elections) অনুষ্ঠিত হ’ব ২৬ এপ্ৰিল, শুকুৰবাৰে। আনহাতে, অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অহা ৭ মে’ত অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, এই পৰ্যায়ত মুঠ ৬১ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় (Fate of 61 candidates decided) হ’ব। ইয়াৰে ভিতৰত বিভিন্ন দলৰ কেইবাজনো হাইপ্রফাইল নেতাই প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত নগাঁও সমষ্টিত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
একেদৰে দৰং-ওদালগুৰিত বিজেপিৰ সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন কংগ্ৰেছ সাংসদ মাধৱ ৰাজবংশী আৰু বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োকে ধৰি ১১ গৰাকী প্ৰাৰ্থীয়ে যুঁজ দিছে। এই সমষ্টিটোত ত্ৰিকোণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
ডিফু সমষ্টিত প্রাক্তন বিধায়ক জয়ৰাম ইংলেংসহ ৫ গৰাকী প্ৰাৰ্থী আছে প্রতিদ্বন্দ্বিতাত।
ইফালে শিলচৰত কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যসহ মুঠ আঠগৰাকী আৰু কৰিমগঞ্জ সমষ্টিত বিজেপিৰ প্রার্থী সাংসদ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীকে ধৰি মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে।
উল্লেখযোগ্য যে অহা ৭ মে’ত তৃতীয় পৰ্যায়ত গুৱাহাটীকে ধৰি চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।