আজি ঘোষণা হ’ল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam) । ঘোষিত ফলাফল অনুসৰি, প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনুৰাগ দলৈয়ে। তেওঁ সৰ্বমুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৩ নম্বৰ লাভ কৰে। আনহাতে, দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই (৫৯০)।
তৃতীয় স্থান লাভ কৰে তিনি পৰীক্ষাৰ্থীয়ে। তেওঁলোকে ৫৮৮ নম্বৰকৈ লাভ কৰে। তৃতীয় স্থান লাভ কৰা শিক্ষাৰ্থীসকল হৈছে মানস প্ৰতীম শইকীয়া, আইচলেণ্ড একাডেমী, মাজুলী; বেদান্ত চৌধুৰী, ষ্টেলা মেৰীজ স্কুল, সৰুপেটা আৰু দেৱশ্ৰী কাশ্যপ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও। উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৭৫.৭৩ শতাংশ। ছাত্ৰৰ ৭৭.৩ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭৪.৪ শতাংশ৷
এইবাৰ মেট্ৰিক পৰীক্ষাত মুঠ ৪,১৯,০৭৮ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল৷ তাৰে ৩,১৭,৭১৩ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷প্ৰথম বিভাগত ১ লাখ ৫ হাজাৰ ৮৮৩, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১ লাখ ৫০ হাজাৰ ৭৬৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬০ হাজাৰ ৬৮০ গৰাকী শিক্ষাৰ্থী।