এপ্ৰিল মাহৰ প্ৰথম দিনটোক এপ্ৰিল ফুল (April Fools) বা মূৰ্খ বনোৰ দিন হিচাপে জনা যায়। ১ এপ্ৰিলত বহু লোকে দিনটোৰ ভিতৰতে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ক ‘এপ্ৰিল ফুল’ বনায়। কিন্তু এজন যুৱকে বন্ধুক মূৰ্খ বনাবলৈ গৈ প্ৰাণ হেৰুৱাবলগা হয় (Losing lives)। সোমবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত (Indore in Madhya Pradesh) সংঘটিত হয় এই ঘটনা। বন্ধু এজনক ভিডিঅ’ কল কৰি ‘এপ্ৰিল ফুল’ বনাবলৈ গৈ তেওঁ মৃত্যুক সাৱটি লয়। মৃতকৰ নাম অভিষেক ৰঘুবংশী (১৮)।
পিটিআইৰ সূত্ৰ অনুসৰি, সোমবাৰে অভিষেক নিজৰ ঘৰতে আছিল। বন্ধুক এপ্ৰিল ফুল বনাবলৈ পৰিকল্পনা কৰে। চকী এখনত থিয় হৈ অভিষেকে তেওঁৰ এজন বন্ধুক ভিডিঅ’ কল কৰে। চিপ লৈ আত্মহত্যাৰ ভাও ধৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁ বন্ধুক ভয় খুৱাবলৈ ডিঙিত ৰছীও ওলোমাই লৈছিল। কিন্তু অভিনয় কৰি থাকোঁতে তেওঁ নিজেই বিপদত পৰে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আত্মহত্যাৰ নাটক কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত হঠাতে অভিষেকৰ ভৰিৰ তলৰ পৰা চকীখন পৰি যায়। ফলত নিজক চম্ভালিব নোৱাৰি ডিঙিত ফাঁচ লাগি মৃত্যুবৰণ কৰে। অভিষেকৰ পিতৃ পেছাত চালক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। খবৰ পোৱাৰ লগে লগে উক্ত স্থানত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।