পতঞ্জলি কোম্পানীৰ ‘মিছা বিজ্ঞাপন’ গোচৰত আদালতৰ নিৰ্দেশ অমান্য কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা গৰিহণাৰ সন্মুখীন হ’বলগীয়া হয় যোগগুৰু ৰামদেৱ (Ramdev)। শীৰ্ষ আদালতে যোগ গুৰুজনক ‘ফল ভোগ কৰাৰ বাবে সাজু থাকক’ বুলিও কয়।
যোৱা মাহত পতঞ্জলিৰ পৰিচালন সঞ্চালক তথা যোগগুৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণই কোম্পানীটোৰ ‘মিছা বিজ্ঞাপন’ক লৈ উচ্চতম ন্যায়ালয়ত ‘বিনা চৰ্তত ক্ষমা বিচাৰিছিল’। অৱশ্যে উচ্চতম ন্যায়ালয়ে সেই ক্ষমা প্ৰাৰ্থনাত আদালত সুখী নহয় বুলিও কয়।
মঙলবাৰে পতঞ্জলিৰ ‘মিছা বিজ্ঞাপন’ গোচৰত উচ্চতম ন্যায়ালয়ত হাজিৰ হয় ৰামদেৱ। তাতে উচ্চতম ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন হ’বলগীয়া হয় ৰামদেৱ। অৱশ্যে আদালতৰ নিৰ্দেশ অমান্য কৰাৰ বাবে আদালতৰ ওচৰত ক্ষমাও খোজে ৰামদেৱে। হাতযোৰ কৰি যোগগুৰুগৰাকীৰ অধিবক্তাই আদালতত কয় যে আমি ক্ষমা খুজিব বিচাৰো আৰু আদালতে যি কয় তাক মানি ল’বলৈ সাজু।
মঙলবাৰে উচ্চতম ন্যায়ালয়ে পতঞ্জলি বিজ্ঞাপন গোচৰত ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণক চমন কৰে। উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰামদেৱৰ ফাৰ্ম পতঞ্জলিলৈ জাননী জাৰি কৰে।
কিন্তু সেই জাননীৰ কোনো সঁহাৰি নোপোৱাত আদালত ক্ষুব্ধ হৈ পৰে। মঙলবাৰে ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুলাৰ বিচাৰপীঠে ৰামদেৱ আৰু বালকৃষ্ণক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। ২ এপ্ৰিলত আদালতত হাজিৰ হ’ব লাগিব ৰামদেৱ আৰু বালকৃষ্ণ। উক্ত নিৰ্দেশৰ পিছত মঙলবাৰে উচ্চতম ন্যায়ালয়ত ব্যক্তিগতভাৱে হাজিৰ হয় যোগগুৰু ৰামদেৱ।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধ সন্দৰ্ভত ‘বিভ্ৰান্তিকৰ আৰু ভুৱা’ বিজ্ঞাপনৰ বিৰুদ্ধে সকীয়াই দিছিল। লগতে মৌখিকভাৱে জনোৱা হৈছিল যে জৰিমনা হ’ব পাৰে। ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে উক্ত গোচৰত কেন্দ্ৰক সমালোচনা কৰিছিল। গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে বিজ্ঞাপনৰ দ্বাৰা সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে।
ৰামদেৱৰ সংগঠনৰ বিৰুদ্ধে ভাৰতীয় চিকিৎসা সংস্থাই (আই এম এ) গোচৰ ৰুজু কৰে। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক ঔষধ আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰি বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।
অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড বিৰোধী নহ’লেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল। আৰু আই এম এয়ে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন অভিযান চলোৱা হৈছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত এই গোচৰৰ শুনানি চলি থকাৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কৈছিল যে পতঞ্জলি আয়ুৰ্বেদে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন বন্ধ নকৰিলে জৰিমনা ভৰিব লাগিব।
ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক সকলো বৈদ্যুতিন মাধ্যম আৰু বাতৰিকাকতত প্ৰকাশ পোৱা সকলো ‘মিছা’ বিজ্ঞাপন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। একে সময়তে পতঞ্জলিৰ বিজ্ঞাপনক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে। ২৭ ফেব্ৰুৱাৰীৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছিল, “চৰকাৰে চকু মুদি বহি আছে। বৰ দুৰ্ভাগ্যজনক। চৰকাৰে তৎকালীন ব্যৱস্থা ল’ব লাগিব।”