দিল্লীৰ মন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেত্ৰী আতিশী মাৰ্লেনাই (Atishi Marlena) দাবী কৰে যে বিজেপিত যোগদান নকৰিলে তেওঁকো ইডিয়ে গ্ৰেপ্তাৰ কৰিব। কেৱল তেৱেঁই নহয়, আপৰ আৰু তিনিজন নেতাক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি দিল্লীৰ মন্ত্ৰীগৰাকীয়ে কয়। আতিশীয়ে কয়, “মই গম পাইছো যে ইডিয়ে অতি সোনকালে মোৰ বাসগৃহত অভিযান চলাব। ইয়াৰ পিছত মোক গ্ৰেপ্তাৰ কৰি জিম্মাত লোৱা হ’ব।”
উল্লেখযোগ্য যে সোমবাৰে ইডিয়ে আদালতত কয় যে অৰবিন্দ কেজৰিৱালে তদন্তত সহযোগ কৰা নাই। আবকাৰী গোচৰৰ অন্যতম অভিযুক্ত তথা এসময়ত আপৰ জনসংযোগ বিষয়া বিজয় নায়াৰে কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তেওঁক কোনো কামৰ বাবে কৈফিয়ত দিয়া নাছিল। ইডিয়ে লগতে দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে দিল্লীৰ দুজন মন্ত্ৰী আতিশী মাৰ্লেনা আৰু সৌৰভ ভৰদ্বাজৰ নাম উল্লেখ কৰি কয় যে বিজয়ে তেওঁলোকক সকলো বিষয়ৰ বিষয়ে অৱগত কৰিছিল।
ইডিৰ এই দাবীৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হৈছে। বহুতে আশংকা প্ৰকাশ কৰিছে যে এইবাৰ ইডিয়ে দিল্লীৰ এই দুজন মন্ত্ৰীক নিজৰ জিম্মাত ল’ব পাৰে। মঙলবাৰেও আতিশীৰ কথাত সেই একেই আশংকা শুনা প্ৰকাশ পালে। কেজৰিৱালৰ পিছত এতিয়া বিজেপিয়ে আপৰ পৰৱৰ্তী নেতাক লক্ষ্য কৰি লৈছে।
আতশীয়ে লগতে অভিযোগ কৰে, “বিজেপিত যোগদান কৰিবলৈ মোৰ সৈতে ব্যক্তিগত ভিত্তিত যোগাযোগ কৰা হৈছে। মোক কোৱা হৈছে, যদি মই মোৰ ৰাজনৈতিক জীৱন ৰক্ষা কৰিব বিচাৰো তেন্তে মই বিজেপিত যোগদান কৰিব পাৰো। আৰু যদি মই বিজেপিলৈ নাযাওঁ তেন্তে অহা এমাহৰ ভিতৰত গ্ৰেপ্তাৰ হ’ব লাগিব। এজন ব্যক্তিয়ে মোক কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিজন আপ নেতাক জে’ললৈ পঠিয়াবলৈ বদ্ধপৰিকৰ।”
দিল্লীৰ মন্ত্ৰীগৰাকীয়ে লগতে কয়, “সত্যেন্দ্ৰ জৈন, মনীষ ছিছ’দিয়া, সঞ্জয় সিঙৰ পিছত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু এতিয়া তেওঁলোকে (বিজেপি) আৰু চাৰিজন আপ নেতাক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। মোৰ লগতে ৰাঘৱ চাদা, দুৰ্গেশ পাঠক আৰু সৌৰভ ভৰদ্বাজকো গ্ৰেপ্তাৰ কৰা হ’ব।”
আতিশীয়ে আৰু কয় “কেজৰিৱাল গ্ৰেপ্তাৰ হোৱাৰ পিছত আপৰ পতন ঘটিব বুলি বিজেপিয়ে ভাবিছিল। কিন্তু দেওবাৰে ৰামলীলা ময়দানত বিৰোধী দল একত্ৰিত হোৱা দেখি তেওঁলোকে ভয় খাইছে। গতিকে তেওঁলোকে আপৰ আৰু অধিক নেতাক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে।’
তেওঁক কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰি তাৰো আভাস দিয়ে আতশীয়ে। তেওঁ কয়, “প্ৰথমে মোৰ আত্মীয়ৰ ঘৰত অভিযান চলোৱা হ’ব। ইয়াৰ পিছত মোক মাতি নিয়া হ’ব। ইয়াৰ পিছত মোক গ্ৰেপ্তাৰ কৰা হ’ব।” শেষত আতিশীয়ে কয়, সেয়া যিয়েই নহওক কিয়, আপ এৰি তেওঁ আন কোনো দললৈ নাযায়।