বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাৰ (BJP president J P Nadda) পত্নী মল্লিকা নাড্ডাৰ গাড়ী চুৰি (Wife Mallika Nadda’s car stolen)। দিল্লীৰ গোবিন্দপুৰী (Govindpuri in Delhi) অঞ্চলৰ এটা চাৰ্ভিচ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল গাড়ীখন। তাৰ পৰাই গাড়ীখন চুৰি হোৱা বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
মল্লিকাই ব্যৱহাৰ কৰা গাড়ীখন হৈছে ফৰ্চুনা। গাড়ীখনৰ চালকে গাড়ীখন চুৰি হোৱাৰ খবৰ সংশ্লিষ্ট আৰক্ষী থানাত দিয়ে। তাৰে ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে। এজাহাৰত চালকজনে কয় যে ১৯ মাৰ্চত তেওঁ চাৰিচকীয়া বাহনখন লৈ গোবিন্দপুৰী অঞ্চলৰ চাৰ্ভিচ চেণ্টাৰলৈ গৈছিল। গাড়ীখন চাৰ্ভিচ চেণ্টাৰলৈ পঠিওৱা হৈছিল গাড়ীখন ঠিকে আছেনে নাই চাবলৈ।
বিয়লি ৩ মান বজাত গাড়ীখন চাৰ্ভিচ চেণ্টাৰলৈ লৈ যায় বুলি চালকজনে জানিবলৈ দিয়ে। ইয়াৰ পিছত ঘৰলৈ দুপৰীয়াৰ আহাৰ খাবলৈ যায়। খোৱাৰ পাছত তেওঁ আকৌ চাৰ্ভিচ চেণ্টাৰলৈ যায়। কিন্তু অভিযোগ অনুসৰি, তেতিয়া গাড়ীখন তাত নাছিল। ইয়াৰ পিছত তেওঁ থানালৈ যায়।
চালকজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰে। বাহনখন বিচাৰি অঞ্চলটোৰ চিচিটিভি ফুটেজৰ তালাচী অব্যাহত আছে। ফুটেজ অনুসৰি কোনোবাই গাড়ীখন গুৰুগ্ৰাম অভিমুখে লৈ যায়। কিন্তু ছয় দিনৰ পাছতো উদ্ধাৰ হোৱা নাই নাড্ডাৰ পত্নীৰ গাড়ী।