সুমধুৰ বাঁহীৰ সুৰ আৰু শাস্ত্রীয় সংগীতৰ লহৰে ১২ মাৰ্চৰ সন্ধিয়াৰ পৰা নিশালৈকে নগাঁও জিলা (Nagaon) পুথিভঁৰালত এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। ভাৰতীয় শাস্ত্রীয় সংগীতৰ প্ৰবাদ পুৰুষ বিষ্ণু দিগম্বৰ পলুস্কৰৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে শাস্ত্রীয় সংগীত মঞ্চ নগাঁৱৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি সন্ধিয়া অনুষ্ঠিত এই শাস্ত্রীয় সংগীতৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল চিকিম বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপক তথা বিশিষ্ট বাঁহীবাদক ড: সন্তোষ কুমাৰৰ বাঁহী বাদন।
অধ্যাপক ড: কুমাৰৰ সুললিত বাঁহী বাদনে প্ৰেক্ষাগৃহত উপস্থিত দৰ্শকক মন্ত্ৰ মুগ্ধ কৰি ৰাখে। ড: কুমাৰৰ সহযোগী হিচাপে অনুষ্ঠানত অংশগ্রহণ কৰে তেওঁৰ শিষ্য বাঁহীবাদক গোপাল পৌউডেল আৰু তবলা সংগত কৰে নগাঁৱৰ বিশিষ্ট তবলাবাদক মুনীন্দ্ৰ গোস্বামীয়ে । আনহাতে শাস্ত্রীয় সংগীতৰ অনুষ্ঠানটিত আমন্ত্ৰিত শিল্পী হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ শাস্ত্রীয় সংগীতৰ অনাতাঁৰ শিল্পী ঋষিকা ঘোষে । শিল্পী গৰাকীৰ লগত বাদ্য সংগত কৰে ক্ৰমে তৰুণ চন্দ্ৰ কলিতা আৰু প্ৰসূন ঘোষে।
অনুষ্ঠানত নগাঁৱৰ শাস্ত্রীয় সংগীতৰ শিল্পী সুৱাগমণি মহন্ত আৰু সংগীবৃন্দই চোটা খেয়াল পৰিবেশন কৰাৰ লগতে শিল্পী ইন্দ্ৰাণী বৰা আৰু সংগীবৃন্দই মংগলাচৰণ পৰিবেশন কৰে। আনহাতে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ লোকশিল্পী পৰাগজ্যোতি কলিতা আৰু সংগীবৃন্দই এটি বৰগীত পৰিবেশন কৰে। সংস্কৃত গীতৰ বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাৰ লগতে ডা: জয়শ্ৰী পাঠকে আঁত ধৰা শাস্ত্রীয় সংগীতৰ অনুষ্ঠানটি বিষ্ণু দিগম্বৰ পলুস্কৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড: মৃদুল হাজৰিকাই।
উপাচাৰ্য ড: হাজৰিকাই প্ৰকৃতিৰ লগত সংযোগ থকা ভাৰতীয় শাস্ত্রীয় সংগীতে সৃষ্টিশীলতাৰ এক বিশেষ মাত্রা বহন কৰি অহা বুলি উল্লেখ কৰি কয় যে প্ৰকৃতিৰ লগত সংযোগ থকাৰ কাৰণে শাস্ত্রীয় সংগীতৰ মাজেৰে মানুহে মনৰ মাজত থকা কলুষিতা সমূহ ত্যাগ কৰি নান্দনিকতাক আকোৱালি লোৱাৰ এক সুযোগ পায়। তেওঁ লগতে কয় যে শাস্ত্রীয় সংগীতৰ অনুভৱ মুখেৰে ব্যক্ত কৰিব নোৱাৰি। এই অনুভৱ হৃদয়ৰ পৰা আহে। অনুষ্ঠানত মৈত্ৰেয়ী ডেকাই দ্বীপ প্ৰজ্বলন মন্ত্ৰ পৰিবেশন কৰে।
অনুষ্ঠানত ডিপিএছ নগাঁৱৰ অধ্যক্ষা ৰিতু ৰাজনীশৰ লগতে আন কেইবাগৰাকী ব্যক্তিক উদ্যোক্তাসকলে সম্ভাষণ জ্ঞাপন কৰে। উল্লেখ্য যে শাস্ত্রীয় সংগীতক সৰ্বসাধাৰনৰ মাজত জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে গঠন হোৱা শাস্ত্রীয় সংগীত মঞ্চ নগাঁৱৰ এনে প্ৰচেষ্টাৰ সকলোৱে শলাগ লয়।