উচ্চতম ন্যায়ালয়ৰ কিংবদন্তি অধিবক্তা ফলি এছ নৰিমানৰ (S Nariman) (এছ নৰিমান) শেষ নিশ্বাস ত্যাগ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। বুধবাৰে পুৱা দিল্লীৰ নিজ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ অধিবক্তা সমাজে। জ্যেষ্ঠ অধিবক্তা তথা কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে শোক প্ৰকাশ কৰি কয় যে নৰিমানৰ মৃত্যুত এটা যুগৰ অন্ত পৰিল।
অভিষেক সিংভীয়ে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, “এটা যুগৰ অৱসান। নৰিমানৰ দেহাৱসান। আমাৰ হৃদয়ত চিৰদিনৰ বাবে ৰৈ যাব, আইন জগতৰ লগত জড়িত এগৰাকী জীৱন্ত কিংবদন্তি।” উল্লেখযোগ্য যে নৰিমান কিছুদিনৰ পৰা অসুস্থ হৈ আছিল বুলি। ব’ম্বে উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল তেওঁ। পিছত তেওঁ দিল্লীলৈ গুচি যায়।
কিংবদন্তি অধিবক্তাগৰাকী ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল। ১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈকে তেওঁ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল। ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন ঘোষণা কৰাৰ সময়ত তেওঁ উক্ত পদৰ পৰা পদত্যাগ কৰে। নৰিমান ১৯৯১ চনৰ পৰা ২০১০ চনলৈ উকীল সন্থাৰ সভাপতি আছিল। ১৯৯১ চনত পদ্মভূষণ বঁটাৰে সন্মানিত হৈছিল তেওঁ। পৰৱৰ্তী সময়ত ২০০৭ চনত পদ্ম বিভূষণ বঁটা লাভ কৰে।