এম কে ষ্টেলিনৰ ডিএমকে চৰকাৰে লাভ কৰিছে প্ৰয়াত এআইএডিএমকে নেত্ৰী তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়াললিতাৰ (Jayalalitha) ২৭ কেজি সোণ আৰু হীৰাৰ গহনা। সোমবাৰে বেংগালুৰুৰ আদালতে নিৰ্দেশ দিয়ে যে ৬ আৰু ৭ মাৰ্চত এই বিপুল পৰিমাণৰ সম্পত্তি তামিলনাডুৰ মুখ্য সচিবক গতাই দিয়া হ’ব। সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈছিল জয়াললিতা। উক্ত গোচৰত এআইএডিএমকেৰ নেত্ৰীগৰাকীক ১০০ কোটি টকা জৰিমনা বিহাৰ নিৰ্দেশ দিয়া হয়। সেই জৰিমনা সংগ্ৰহৰ চূড়ান্ত ন্যায়িক প্ৰক্ৰিয়া শেহতীয়াকৈ আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াত প্ৰয়াত নেত্ৰীগৰাকীৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ কিছু অংশ নিলাম কৰা হ’ব।
জয়াললিতাৰ গহনা নিলামৰ বাবে তামিলনাডু চৰকাৰক গতাই দিয়া হৈছে। ইয়াৰ পিছত প্ৰয়াত নেত্ৰীগৰাকীৰ অন্যান্য স্থাৱৰ সম্পত্তি নিলামৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ‘টাইমছ অৱ ইণ্ডিয়া’ৰ প্ৰতিবেদন অনুসৰি, ২০ কেজি ওজনৰ এই গহনা জয়াললিতাৰ নামত। আৰু বাকী সাত কেজি মাতৃৰ পৰা এআইএডিএমকে নেত্ৰীগৰাকীয়ে লাভ কৰিছিল। বিশেষ আদালতৰ ন্যায়াধীশে নিৰ্দেশ দিয়ে যে গহনা গতাই দিয়াৰ সময়ত সমগ্ৰ ঘটনাটো ভিডিঅ’ কৰিব লাগে।
উল্লেখযোগ্য যে ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত এটা দুৰ্নীতিৰ গোচৰত জয়াললিতাক বেংগালুৰুৰ বিশেষ আদালতে কাৰাদণ্ড আৰু জৰিমনা বিহে। এই গোচৰত শশীকলা আৰু সুধাকৰণকো দোষী সাব্যস্ত কৰা হয়। কিন্তু ২০১৫ চনৰ ১১ মে’ত কৰ্ণাটক উচ্চ ন্যায়ালয়ে সকলো দোষীক দোষমুক্ত কৰে। ২০১৬ চনত জয়াললিতাৰ মৃত্যু হয়। ২০১৭ চনত পুনৰ উচ্চতম ন্যায়ালয়ে বিশেষ আদালতৰ ৰায়ক বাহাল ৰাখে।