আজি বোকাখাতৰ মৰিয়াহোলা চাপৰিত কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে কৃষি মন্ত্ৰী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই (Atul Bora)। “অৰ্জুনা এফ ওৱান”,”এফ ডব্লিউ ওৱান থাৰ্টি চেভেন”ৰ সম্ভাৱনাই উৎসাহিত কৰিছে কৃষি মন্ত্ৰী অতুল বৰাক। অৰ্জুনা আৰু এফ ডব্লিউ হ’ল ৰঙালাউৰ উন্নত জাত।
চাপৰিটোত তিনি হাজাৰ বিঘা মাটিত বিহংগম কৃষি উৎপাদন কোম্পানী নামৰ সংগঠনটোৰ প্ৰায় এহেজাৰ যুৱ কৃষক এতিয়া ব্যস্ত ৰঙালাউ খেতিত। যেনিয়েই চোৱা যাই, তেনিয়েই কেৱল সেউজীয়াৰ সমাহাৰ। হালধীয়া ফুল ফুলিছে, কলিয়াইছে ৰঙালাউ। যোৱা বছৰ মে’ মাহত ইয়াৰ পৰা ৰাজ্যৰ বাহিৰলৈ পথোৱা হৈছিল প্ৰায় ২ কোটি টকাৰ ৰঙালাউ।যোৱা বছৰ খেতি কৰা হৈছিল এহেজাৰ বিঘা মাটিত।
এইবাৰ কৰিছে ৩ হেজাৰ বিঘাত।গতিকেই এইবাৰ সকলো ঠিক থাকিলে অসমৰ বাহিৰলৈ পথাব পাৰিব ৬ কোটি টকাৰ ৰঙালাউ। মন্ত্ৰী গৰাকীয়ে কয় যে শিক্ষিত যুৱক যুৱতী সকল কৃষিখণ্ডত আত্মনিয়োগ কৰিছে। কঁপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰা কৃষক সকললৈ মন্ত্ৰী গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।