সাধাৰণ মানুহ প্ৰৱঞ্চকৰ জালত প্ৰায়ে আবদ্ধ হয়। কিন্তু এইবাৰ স্বয়ং এগৰাকী আৰক্ষী বিষয়া প্ৰতাৰণাৰ বলি হ’বলগা হ’ল। কেৱল সেয়াই নহয়, লাখ লাখ টকাও হেৰুৱালে তেওঁ। জানিব পৰা মতে, আৰক্ষী বিষয়াগৰাকী ভাৰতীয় ৰাজহ সেৱাৰ (আইআৰএছ) বিষয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে বিয়াৰ পিছত তেওঁ জানিব পাৰে যে তেওঁৰ স্বামীৰ পৰিচয় ভুৱা আছিল। তেওঁ গম পোৱাৰ লগে লগে ভুৱা আইআৰএছ বিষয়াজনৰ সৈতে বিবাহ বিচ্ছেদ (Divorce) কৰে।
উত্তৰ প্ৰদেশ (Uttar Pradesh) আৰক্ষীৰ ডিএছপি শ্ৰেষ্ঠা ঠাকুৰকক (DSP Shreshtha Thakur) ‘লেডী সিংহম’ বুলি জনা যায়। অপৰাধীও তেওঁৰ ভয়ত কঁপি উঠে। তেওঁৰ নিৰ্ভীক মনোভাবক সকলোৱে প্ৰশংসা কৰি আহিছে। কিন্তু এইগৰাকী আৰক্ষী বিষয়াও বৈবাহিক প্ৰৱঞ্চনাৰ বলি (Victims of marital fraud) হয়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২০১৮ চনত শ্ৰেষ্ঠাই ৰোহিত ৰাজ (Rohit Raj) নামৰ এজন ব্যক্তিক বৈবাহিক ৱেবছাইটত লগপায়। ৰোহিতে নিজকে আইআৰএছ বিষয়া বুলি তাত পৰিচয় দিয়ে। তেওঁৰ স্বভাৱ আৰু বুদ্ধিমত্তাত মোহিত হৈ পৰে শ্ৰেষ্ঠা। পিছত ৰোহিতৰ লগত বাকী জীৱন কটাবলৈ সিদ্ধান্ত লয়। ধুমধামেৰে বিয়াও পাতে। কিন্তু তাৰ পিছতে শ্ৰেষ্ঠাৰ জীৱনৰ কাহিনীয়ে বেলেগ মোৰ ল’বলৈ ধৰে।
শ্ৰেষ্ঠাই গম পায় যে তেওঁৰ স্বামী আইআৰএছ বিষয়া নহয়। তাৰ পিছতে আৰম্ভ হয় শ্ৰেষ্ঠাৰ বিবাহিত জীৱনত তিক্ততা। স্বামীৰ পৰিয়াল এৰি তেওঁ উভতি আহে পিতৃগৃহলৈ। বিবাহ বিচ্ছেদৰ গোচৰ আৰম্ভ কৰে। লগতে ৰোহিতৰ নামত আৰক্ষীৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰে শ্ৰেষ্ঠাই।
আৰক্ষীয়ে তদন্ত কৰি গম পায় যে শ্ৰেষ্ঠায়ে একমাত্র নহয়, ইয়াৰ পূৰ্বে আন বহুতকে ৰোহিতে প্ৰতাৰণা কৰিছে। এইদৰে তেওঁ ভুৱা পৰিচয় লৈ আনৰ পৰা ধন আত্মসাৎ কৰিছিল। তেওঁৰ বিৰুদ্ধে গাজিয়াবাদত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।
উল্লেখযোগ্য যে ২০১২ চনত শ্ৰেষ্ঠাই আইপিএছ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেওঁ আৰক্ষী সেৱা আৰম্ভ কৰে। বিগত সময়ত বহুবাৰ তেওঁৰ নাম বাতৰিৰ শিৰোনামত প্ৰকাশ পাইছে। ৰাজ্যৰ শাসকীয় দলৰ ‘দাদাগিৰি’ৰ বিৰুদ্ধে থিয় দিছিল তেওঁ। যাৰ বাবে বদলি হ’বলগা হয়। কিন্তু এই সকলোবোৰৰ পিছতো তেওঁ হাৰ নামানিলে। তেওঁ নিজৰ কৰ্তব্যত অটল হৈ থাকে। তেওঁৰ সহকৰ্মীসকলে বিশ্বাস কৰিব পৰা নাছিল যে তেনে এগৰাকী বিষয়াক এনেদৰে প্ৰতাৰণা কৰা হৈছে।