অচেতন অৱস্থাত আইচিইউ (ICU)ত ভৰ্তি কৰোৱা হৈছিল এজন ৰোগীক। কিন্তু হাত-ভৰিৰ ক্ষতচিহ্ন দেখি হতভম্ব হৈ স্বাস্থ্যকৰ্মী। লগে লগে তেওঁ চিকিৎসকক মাতে। তেওঁলোকে আহি ৰোগীজনৰ শৰীৰত এন্দুৰৰ কামোৰাৰ (Rat bite) চিন দেখা পায়। শনিবাৰে তেলেংগানাৰ কামাৰেড্ডী (Kamareddy of Telangana) অঞ্চলৰ এখন চিকিৎসালয়ত সংঘটিত হয় এই ঘটনা (Incident took place at the hospital)।হায়দৰাবাদৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰি তেলেংগানাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৪৩ বছৰীয়া এজন লোকক। বিগত এসপ্তাহ ধৰি তেওঁ আইচিইউত ভৰ্তি হৈ আছে।
শনিবাৰে আইচিইউলৈ যোৱাৰ সময়ত ৰোগীজনৰ সোঁহাতৰ আঙুলিত ক্ষতচিহ্ন দেখা পাই হতভম্ব হৈ পৰে স্বাস্থ্যকৰ্মীগৰাকী। লগে লগে তেওঁ চিকিৎসকক মাতে। পৰ্যবেক্ষণৰ পিছত দেখা যায় যে ভৰিৰ তলুৱাতো ক্ষতচিহ্ন আছে। আনহাতে, এন্দুৰে কামোৰাৰ ফলত তাত ঘা হোৱা বুলিও চিকিৎসকে দাবী কৰে।
ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে চিকিৎসালয় কৰ্তৃপক্ষই। প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে আইচিইউৰ কাষতে ডায়েলাইছিছ ইউনিট আছে। উক্ত কোঠাটো পুনৰ নিৰ্মাণ কৰা হৈছে। লগতে ৰোগীৰ খাদ্য চিকিৎসালয়ৰ মজিয়াত দীৰ্ঘ সময়ৰ বাবে খোলাকৈ ৰখা হয়। সেই সকলোবোৰৰ বাবেই আইচিইউৰ ভিতৰত এন্দুৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। অনাগত দিনত যাতে এনে ঘটনা নহয়, তাৰ ওপৰত চকু ৰখাৰ প্ৰতিশ্ৰুতি দিছে চিকিৎসালয় কৰ্তৃপক্ষই।