ৰিল বনাবলৈ গৈ কৰ্ণাটকৰ গাদাগ ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ ৩৮ জন কনিষ্ঠ চিকিৎসক (Karnataka junior doctor punished) শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁলোকৰ হাউচমেনচিপ প্ৰশিক্ষণৰ সময়সীমা ১০ দিনৰ বাবে বৃদ্ধি কৰা হৈছে।
তেওঁলোকৰ ৰিলত কনিষ্ঠ চিকিৎসকসকলে চিকিৎসালয়ৰ কৰিড’ৰত চিকিৎসা সঁজুলি লৈ নাচি থকা দেখা যায়। সকলোৱে হিন্দী আৰু কানাড়া গীত এটাত তাল মিলায়। সংস্থাটোৰ মুৰব্বী ডঃ বছাৰাজ বাম্মনহিলিয়ে জনোৱা মতে, এই ৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসালয়ৰ চৌহদত ৰিল বনাইছিল।
চিকিৎসালয়ৰ বাহিৰত যি মন যায় কৰিব পাৰে। কিন্তু চিকিৎসালয়ৰ চৌহদত কাৰো এনে কাম কৰিবলৈ অনুমতি নাই। আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে তেওঁলোকে প্ৰি-গ্ৰেজুৱেচন অনুষ্ঠানৰ বাবে এই কাম কৰে। ইফালে চিকিৎসালয়ৰ চৌহদত কনিষ্ঠ চিকিৎসকৰ এই ৰিলে সকলোৰে পৰা গৰিহণা পাইছে।