আৰু তিনিগৰাকী ভাৰতীয়ক ভাৰতৰত্ন (Bharat Ratna) প্ৰদান কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শেহতীয়াকৈ তেওঁ দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীক ভাৰতৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰে। এইবাৰ দেশৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰীক এই সন্মান প্ৰদানৰ কথা ঘোষণা কৰে মোডীয়ে। অৱশ্যে দুয়োগৰাকীৰ কোনো এজনো বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নহয়।
শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওক ভাৰতৰত্ন প্ৰদান। ইয়াৰ উপৰি ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী তথা লোকদলৰ প্ৰতিষ্ঠাপক চৌধুৰী চৰণ সিঙকো ভাৰতৰত্ন সন্মান প্ৰদান কৰা হ’ব। এই দুগৰাকী ৰাজনৈতিক ব্যক্তিৰ উপৰি প্ৰধানমন্ত্ৰীয়ে এগৰাকী বিজ্ঞানীকো দেশৰ সৰ্বোচ্চ সন্মান প্ৰাপক হিচাপে ঘোষণা কৰে। তেওঁৰ নাম ডঃ এম এছ স্বামীনাথন। দক্ষিণ ভাৰতৰ কৃষি বিজ্ঞানী তথা একালৰ ৰাজ্যসভাৰ সাংসদ স্বামীনাথনৰ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত মৃত্যু হৈছিল।
তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ অন্যতম প্ৰতিষ্ঠাপক বুলি কোৱা হয়। তেওঁ আৰু আন দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে এইবাৰ কেন্দ্ৰই ঘোষণা কৰে পাঁচগৰাকী ভাৰতৰত্নৰ নাম। ইয়াৰে বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আদৱানীৰ বাহিৰে বাকী চাৰিওটা মৰণোত্তৰ সন্মান।
উল্লেখযোগ্য যে দেশৰ নৱম প্ৰধানমন্ত্ৰী নৰসিংহ আছিল দেশৰ প্ৰথম দক্ষিণ ভাৰতৰ প্ৰধানমন্ত্ৰী। তেখেতৰ জন্ম হৈছিল তেলেংগানাৰ বৰ্তমানৰ হায়দৰাবাদত। ২০০৪ চনত তেওঁৰ মৃত্যু হয়। তেওঁ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। পিছলৈ তেওঁ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল।
তেওঁ প্ৰতিৰক্ষা আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰো দায়িত্ব পালন কৰিছিল। ইতিহাসে তেওঁক দেশৰ উদাৰীকৰণৰ পিতৃ হিচাপে স্মৰণ কৰে। মনমোহন সিং তেতিয়া বিত্তমন্ত্ৰী আছিল। আনহাতে, চৌধুৰী চৰণ মহাত্মা গান্ধীৰ এক অটল অনুগামী আছিল। দুখীয়া কৃষক পৰিয়ালত জন্ম তেওঁৰ। উত্তৰ প্ৰদেশৰ এইগৰাকী নেতা কংগ্ৰেছৰ প্ৰতি আনুগত্যশীল আছিল।