বিৰোধী মিত্ৰজোঁট ত্যাগ কৰি নীতিশ কুমাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) শৰণাপন্ন হৈছে। এইবাৰ ৰাষ্ট্ৰীয় লোকদলৰ মুৰব্বী জয়ন্ত চৌধুৰীয়েও বিজেপি নেতৃত্বাধীন এনডিএত যোগদানৰ চৰ্চা চলিছে।
এছবিএছপিৰ মুৰব্বী ওমপ্ৰকাশ ৰাজভাৰে শুকুৰবাৰে দাবী কৰে যে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ নাতি আৰু প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ পুত্ৰই অহা ১২ ফেব্ৰুৱাৰীত (সোমবাৰ) আনুষ্ঠানিকভাৱে এনডিএত যোগদান কৰিব। উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আৰএলডিয়ে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টি আৰু মায়াৱতীৰ বিএছপিৰ সৈতে মিত্ৰতা কৰি তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
কিন্তু এখনতো জয়লাভ কৰিব পৰা নাছিল। মথুৰাত বিজেপিৰ হেমা মালিনীৰ হাতত জয়ন্ত পৰাস্ত হয়। কিন্তু তাৰ পিছত তেওঁ সমাজবাদী পাৰ্টিৰ সমৰ্থনত ৰাজ্যসভাত জয়লাভ কৰে। ২০২২ চনত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত অখিলেশৰ সৈতে আপোচ কৰি ৩৩খন আসনৰ ভিতৰত ৯খন আসন লাভ কৰিছিল আৰএলডিয়ে।