এগৰাকী প্ৰাক্তন শিৱসেনাৰ (Shiv sena) নেতা তথা প্ৰাক্তন বিধায়কক থানাৰ ভিতৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন বিজেপি বিধায়কৰ বিৰুদ্ধে। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।গুলীয়াই হত্যা কৰা শিৱসেনাৰ প্ৰাক্তন নেতা অভিষেক ঘোছালকাৰক বৰিৱলীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।
তাতেই তেওঁৰ মৃত্যু হয়। উলহাছনগৰত একনাথ শিণ্ডে সমৰ্থক নেতাক প্ৰকাশ্যে গুলীয়াই হত্যা কৰাৰ কেইদিনমানৰ ভিতৰতে পুনৰ এই গুলীচালনাৰ ঘটনাৰ বাবে মহাৰাষ্ট্ৰৰ আইনী ব্যৱস্থাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ব্যক্তিগত বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়। এই ঘটনা সংঘটিত হৈছে মৰিচ ভাই নামেৰেও পৰিচিত মৰিছ নৰোনহাৰৰ কাৰ্যালয়ত। অভিষেকৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া শত্ৰুতা আছিল। শেহতীয়াকৈ তেওঁলোকৰ বিবাদৰ সমাধান হৈছিল। তাৰ পিছতে অভিষেকক মৰিছৰ কাৰ্যালয়লৈ মতা হয়। এএনআইৰ প্ৰতিবেদনত দাবী কৰিছে যে অভিষেকক গুলীয়াই হত্যা কৰি মৰিছ ভাইয়েও আত্মহত্যা কৰে। এই সমগ্ৰ ঘটনা ফেচবুকতো লাইভ সম্প্ৰচাৰ কৰা হৈছে।
ইফালে উদ্ধৱ থাকৰেৰ দলৰ মুখপাত্ৰ আনন্দ ডুবেয়ে কয়, “একনাথ শিণ্ডে আৰু দেৱেন্দ্ৰ ফাড়নৱীশৰ মহাৰাষ্ট্ৰত কোনো লোক সুৰক্ষিত নহয়। যদি কোনো জনপ্ৰতিনিধিৰ ক্ষেত্ৰত এনেকুৱা হয় তেন্তে সাধাৰণ জনতাৰ কি হ’ব? চৰকাৰে ৰাজ্যত আতঙ্কৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে নেকি?”
উল্লেখযোগ্য যে অভিষেক আছিল উদ্ধৱৰ দলৰ পুৰণি নেতা বিনোদ ঘোছালকাৰৰ পুত্ৰ। তেওঁ মুম্বাই বিল্ডিং মেৰামতি আৰু পুনৰ নিৰ্মাণ ব’ৰ্ডৰ অধ্যক্ষ আছিল।