আজি অনুষ্ঠিত হোৱা এক সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহৰ ঘোষণা কৰে।
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক এইবাৰ প্ৰদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা। আনহাতে, অসম সৌৰভ বঁটা প্ৰদান কৰা হ’ব মুঠ চাৰিগৰাকী বিশেষ ব্যক্তিলৈ। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত ইউকেস্ক’লৈ যি দচিয়াৰ প্ৰেৰণ কৰা হৈছিল সেই দচিয়াৰ প্ৰস্তুত কৰ্তা তথা চৰাইদেউ মৈদামৰ সুৰক্ষা আৰু ইউনেস্ক’ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত ড° কিষাণ চান নৰিয়ালৈ আগবঢ়োৱা হৈছে অসম সৌৰভ বঁটা। সেইদৰে অসম সৌৰভ বঁটা লাভ কৰা আন তিনিজন ব্যক্তি হৈছে ক্ৰমে এথলিট হিমা দাস, সন্তৰণবিদ এলভিছ আলী হাজৰিকা আৰু তিহা সাহিত্য, সংস্কৃতিৰ গৱেষক নাদিৰাম ডেউৰী।
ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা এইবাৰ আগবঢ়োৱা হৈছে মুঠ ১৬ জন ব্যক্তিলৈ। সেইকেইজন হৈছে ক্ৰমে বিহুক গীনিজ বুক অৱ ৱ’ৰ্ল্ডছ ৰেকৰ্ডত স্থান দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা বিহুৱা ৰঞ্জিত গগৈৰ উপৰিও পাৰ্বতী বৰুৱা, দেৱজিত চাংমাই, দ্ৰোণ ভূঞা, নীলম দত্ত, অনুপম ডেকা, সৌমদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মনেন্দ্ৰ ডেকা, মিনাক্ষী চেতিয়া, পখিলা লেকথেপি, তেঞ্জিং বডোছা, ড০ নিৰ্মল দে, জেচিন কোম্বাও ফাও, মেৰী হাছা আৰু ৰাহুল গুপ্তাই লাভ কৰিছে অসম গৌৰৱ বঁটা।
অহা ১০ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত এক ৰাজ্যিক অনুষ্ঠানৰ জৰিয়তে এই বঁটাসমূহ প্ৰদান কৰা হ’ব।উপ-ৰাজ্যপাল জগদীপ ধনখড় আৰু ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই এই বঁটা প্ৰদান কৰা হ’ব। ইয়াৰে অসম বৈভৱ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান। অসম সৌৰভ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৪ লাখ টকাৰ আৰ্থিক অনুদান। অসম গৌৰৱ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৩ লাখ টকাৰ আৰ্থিক অনুদান।