কাৰবি যুৱক-যুৱতী সকলৰ হেঁপাহৰ উৎসৱ কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্ত্যী (Golden Jubilee ) মূহুৰ্তলৈ লৈ মাথো ছয় দিন বাকী ৷ ১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈকে কাৰবি যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি আৱাল বৃদ্ধ -বণিতালৈকে আত্মহাৰা হৈ পৰিব মহোৎসৱটিকলৈ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু অন্যতম জনজাতীয় কাৰবি যুৱ মহোৎসৱৰ কাৰবি লোক-ককৃষ্টি, সংস্কৃতিৰ অমিয় সুৱাস বিলাবলৈ ন-কইণাৰ দৰে সাজি পাৰি ওলাইছে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তীৰ কাৰবি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি ৷
এই বছৰ ৭ দিনীয়া কাৰ্যসূচীলৈ পুণৰ আৰম্ভ হ’ব ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱ ৷ এইলৈ যুৱ মহোৎসৱটিৰ আদৰণি সমিতিয়ে মহোৎসৱ উদযাপনৰ প্ৰস্তুতি তুংগত তুলিছে ৷ ৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ প্ৰকল্পটোত কাৰবি জাতীয় জীৱনৰ সোপান আৰু ডেকা-গাভৰুৰ প্ৰেমাস্পদৰ অন্যতম উৎসৱ ‘কাৰবি যুৱ মহোৎসৱ’ক প্ৰতি বছৰৰ দৰে এই বছৰো আথে-বেথে আদৰি লবলৈ উদগ্ৰীৱ হৈ পৰিছে ৷
প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰবি নথেংপি ( স্থায়ী প্ৰাসাদ)৷ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হিছাপে থাকিব ৷ ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক তথ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবিয়ে সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যোক্তা সকলে দিনে- নিশাই হাড়ভগা শ্ৰমেৰে প্ৰায় ৯৫ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে ৷
সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তাৰালাংচৰ লগতে ডিফুত কেইবাখনো আঁচনিৰ শুভ উদ্ধোধন কৰিব ৷বিভিন্ন প্ৰান্তৰ পৰা কেইবা সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে মায়া নগৰীলৈ ৰূপান্তৰিত হব তাৰালাংচৰ বাকৰি ৷ ইয়াৰোপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশ গ্ৰহণ কৰিব বুলি কয় ৷
কাৰবি যুৱ মহোৎসৱৰ বাবে ইতিমধ্যে গ্ৰীক আৰ্হিত নিৰ্মিত লং মিৰ্জেং আচেথাই (মঞ্চ), চিং মিৰজেং আচেথাই, ছেমছনচিং আচেথাই (মঞ্চ)ও আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে৷ মাঞ্জালৈ যাবলগীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ফালৰি কাটি ৫০ সংখ্যক কাৰবি যুৱ মহোৎসৱ থলীলৈ যাব লগীয়া ৪ লেনযুক্ত সমগ্ৰ পথছোৱাৰ বাবে সৌৰচাকী, ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও হৈছে প্ৰশংসনীয় ৷ ইয়াৰোপৰি যাঁন-জট নিয়ন্ত্ৰণ কৰিবলৈ উদ্যোক্তা সকলে স্বেচ্ছাসেৱী সকলক উচিত প্ৰশিক্ষণ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷