জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ (Decision on article 370) বাতিলৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত বহুতো গোচৰ ৰুজু কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ সেইবোৰৰ একেলগে শুনানি আৰম্ভ কৰিছে। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সংবিধান বিচাৰপীঠে ২ জুলাইৰ পৰা গোচৰটোৰ শুনানি আৰম্ভ কৰে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে ৫ ছেপ্টেম্বৰত ইয়াৰ ৰায় স্থগিত ৰাখে। এইবাৰ উচ্চতম ন্যায়ালয়ে গোচৰটোৰ ৰায় ঘোষণা কৰাৰ চূড়ান্ত তাৰিখ ঘোষণা কৰিছে। এই ৰায় ১১ ডিচেম্বৰত ঘোষণা কৰা হ’ব।
বিগত চাৰি বছৰ ধৰি এই সিদ্ধান্তৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাটাও গোচৰ জমা হৈ আছিল। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ উপৰি বিচাৰপীঠত ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্ত আছে। বিচাৰপীঠৰ জ্যেষ্ঠতম সদস্য ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে ২৫ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব।