প্ৰযুক্তিৰ অপব্যৱহাৰকাৰীয়ে ৰতন টাটা (Ratan Tata)কো ৰেহাই নিদিলে। প্ৰবীণ উদ্যোগপতিজনো চিকাৰ হৈছে ‘ডিপফেক’ৰ (‘Deepfake’)। ইতিমধ্যে একাংশৰ ভুৱা ভিডিঅ’ বনাই মানুহক প্ৰতাৰণা কৰাৰ ব্যৱসায়ত জড়িতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত তেওঁ নিজেই ছচিয়েল মিডিয়াত সাধাৰণ ৰাইজক সকীয়াই দিছে। কিন্তু এইবাৰ নিজেই ইয়াৰ বলি হ’ল।
বুধবাৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰি টাটাই জালিয়াতিৰ চক্ৰটো উদঙাই দিয়ে। ভিডিঅ’টোত দেখা গৈছে টাটাৰ এক সাক্ষাৎকাৰ। য’ত তেওঁ এটা বিশেষ বিনিয়োগৰ কথা কৈছে। তাত বিনিয়োগ কৰিলে লাভৰ নিশ্চয়তা আছে। ১০০ শতাংশ নিশ্চয়তা। খবৰ অনুসৰি, এই পদ্ধতি সম্পূৰ্ণৰূপে বিপদমুক্ত।
লগতে ভিডিঅ’টোত দেখুওৱাৰ দৰে এই পদ্ধতি গ্ৰহণ কৰি কেইবাজনো লোকে ধন উপাৰ্জন কৰিছে। এই ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰিছে সোণা আগৰৱালা নামৰ এজন ইউজাৰে।
ভিডিঅ’টো শ্বেয়াৰ কৰি টাটাই নিজেই কয় যে এইটো ভুৱা। তেওঁৰ মুখখন লৈ ভিডিঅ’টো বনাইছিল। বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে তেওঁক ‘ব্যৱহাৰ’ কৰি এয়া এক প্ৰৱঞ্চনা বুলি অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বহু তাৰকা ‘ডিপফেক’ৰ বলি হৈছে। এই কেলেংকাৰিৰ কথা উপলব্ধি কৰি উদ্যোগপতিজনে জনসাধাৰণক সকীয়াই দিয়ে