শাৰীৰিক বাধাই মনৰ অদম্য হেঁপাহ আৰু মনোবলক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। তেনে এগৰাকী ব্যক্তিয়ে শাৰীৰিক বাধা অতিক্ৰম কৰি নিজকে প্ৰমাণ কৰিবলৈ সংগ্ৰাম কৰি আছে। ইতিমধ্যে তেওঁ মাৰাথন জয় কৰিছে আৰু এইবাৰ লক্ষ্য এভাৰেষ্ট জয় কৰা। ইচ্ছাশক্তি সবল হ’লে যে বাধা অতিক্ৰম কৰিব পৰা যায় সেয়া প্ৰমাণ কৰিছে উদয় কুমাৰে (Uday Kumar)।
হাজাৰ হাজাৰ বিপদৰ মাজতো এভাৰেষ্ট জয় কৰিবলৈ ব্যাকুল হৈ পৰা উদয় কুমাৰ প্ৰত্যাহ্বানৰ সৈতে জীৱনটো জীয়াই থকাৰ আনন্দ উপভোগ কৰাৰ এটা নাম হৈ পৰিছে। উদয়ৰ ‘জীৱন যাত্ৰা’ই আপোনাকো আনসকলৰ দৰে আচৰিত কৰি তুলিব। শাৰীৰিক অক্ষমতাৰ মাজতো তেওঁ অৰ্ধ শতাধিক মাৰাথনত অংশগ্ৰহণ কৰিছে। এইবাৰ লক্ষ্য এভাৰেষ্ট অভিযান। উদয়ে পৰিয়াল পোহপাল দিবলৈ ব্যক্তিগত কোম্পানীত কাম কৰাৰ উপৰি চুইগি ডেলিভাৰী বয় হিচাপেও কাম কৰি আছে। ক্ৰাচত উঠি এজন তজবজীয়া যুৱকে খাদ্য ডেলিভাৰী কৰা দেখি বহু গ্ৰাহক অবাক হৈছে।
এক ৰে’ল দুৰ্ঘটনাৰ চিকাৰ হোৱা উদয়ৰ মনৰ শক্তিক সকলোৱে প্ৰশংসা কৰিছে। শৰীৰে সহায় নকৰিলেও তেওঁ মানসিকভাৱে অতি শক্তিশালী। নিজকে সেই মতে গঢ়ি তুলিবলৈ অৱশ্যে তেওঁৰ কিছু সময় লাগে। কিন্তু আজি তেওঁ কম দৰমহাৰ চাকৰি কৰি পৰিয়াল পোহপাল দিলেও এভাৰেষ্ট জয় কৰাৰ সপোন দেখিছে। ৰেড ৰোড মাৰাথন হওক বা গোৱা মাৰাথন ইভেণ্টেই হওক, কৃত্ৰিম ভৰিৰে এই যুৱকজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। লক্ষ্য খ্যাতি অৰ্জন কৰা নহয়, আনৰ দৰে যে তেওঁ সক্ষম সেয়া প্ৰমাণ কৰা। বিহাৰ (Bihar)ৰ উদয় কুমাৰে বৰ্তমান কৰ্মসংস্থাপনৰ বাবে বেলঘৰিয়াত বাস কৰে। মাত্ৰ চাড়ে আঠ হাজাৰ টকা পোৱা কাম এটা কৰি পত্নী আৰু পুত্ৰৰ সৈতে দিন কটায়। কিন্তু ছুইগিত অতিৰিক্ত উপাৰ্জনৰ আশাত আজৰি সময়ত ডেলিভাৰী বয় হিচাপেও কাম কৰে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে ৱান লেগ উদয় হেজটেগ। নেটিজেনসকলে তেওঁৰ মনৰ শক্তি আৰু ইচ্ছাশক্তিক প্ৰণাম জনাইছে।
ক্ৰীড়াৰ প্ৰতি আছিল তেওঁৰ অতিশয় প্ৰেম। হঠাৎ ২০১৫ চনত হোৱা ৰে’ল দুৰ্ঘটনাই নিমিষতে সকলো সলনি কৰি পেলালে। সুদীৰ্ঘ এবছৰ চিকিৎসাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰিল যদিও ভৰি এখন হেৰাবলগীয়া হ’ল। উদয়ৰ মূৰত যেন আকাশখনহে ভাঙি পৰিল। তেতিয়াৰে পৰাই আৰম্ভ হ’ল যুদ্ধ। জীয়াই থকাৰ যুদ্ধ, সকলোৰে দৰে নিজকে প্ৰমাণ কৰাৰ যুদ্ধ।
অফিচৰ সহকৰ্মীসকলে উদয়ক সদায় উৎসাহিত কৰি আহিছে। পত্নীৰ পৰাও সমৰ্থন পাইছে। ভাড়াঘৰত থাকিও উদয়ৰ লক্ষ্য অলিম্পিক। চাকৰিৰ লগতে তেওঁ কৃত্ৰিম ভৰি পিন্ধি জোৰদাৰ ব্যায়াম কৰি আছে। ইতিমধ্যে তেওঁ মাউণ্ট এভাৰেষ্ট অভিযানত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছে। তেওঁৰ ছ’চিয়েল মিডিয়াত মাজে মাজে কৃত্ৰিম ভৰিৰে ট্ৰেকিং কৰাৰ কিছুমান ৰোমাঞ্চকৰ ভিডিঅ’ আপলোড কৰে। যিটো দেখি অবাক হ’ব আপুনিও।
উদয় কুমাৰে এতিয়ালৈকে তেওঁ ৫৫ খনতকৈও অধিক মাৰাথনত অংশগ্ৰহণ কৰিছে আৰু পৰৱৰ্তী লক্ষ্য হৈছে অলিম্পিক আৰু এভাৰেষ্ট অভিযান। অৱশ্যে সামান্য দৰমহাৰ বাবে তেওঁ কেতিয়াবা পিছুৱাই যাবলগাও হয়। সেইবাবেই ছুইগিত ডেলিভেৰী বয়ৰ (Swiggy Delivery Boy) কামটো লৈছিল। সকলোৱে তেওঁৰ কামৰ শলাগ লৈছে। ফলত মনৰ শক্তি বহুত বাঢ়িছে। অতি আত্মবিশ্বাসী উদয়ে কয়, তেওঁৰ হাতত ধন থাকিলে মাত্ৰ এবছৰতে অসম্ভৱ কামটো সম্ভৱ কৰিব। উদয়ৰ এই জীৱন যুদ্ধই প্ৰতিটো মুহূৰ্ততে সোঁৱৰাই দিয়ে যে ইচ্ছা থাকিলে সপোন পূৰণ কৰাটো সম্ভৱ। তেওঁ কয়, “মাৰাথন দৌৰৰ প্ৰেমে মোক থিয় হ’বলৈ শিকাইছে, আৰু এভাৰেষ্ট জয় কৰিলে মোক জীয়াই থকাৰ প্ৰেৰণা দিব।” উদয় কুমাৰ সকলোৰে বাবে সাহস আৰু শক্তিৰ নিদৰ্শন হৈ পৰিছে। ইচ্ছাশক্তি সবল হ’লে যে বাধা অতিক্ৰম কৰিব পৰা যায়, সেয়া উদয় কুমাৰে প্ৰমাণ কৰিছে।