উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ ব্যস্ত ৰাজপথৰ মাজেৰে ধৰ্ষিতাক খেদি খেদি কুঠাৰেৰে প্ৰহাৰ কৰি হত্যা (Rapist chased to death with an axe) কৰাৰ অভিযোগ উত্থাপন হৈছে ধৰ্ষণকাৰী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে। মঙলবাৰে পুৱা ৰাজ্যখনৰ কৌশম্বিত সংঘটিত (Kaushambi incident) হয় এই ভয়ংকৰ ঘটনা। পথচাৰীয়ে অসহায় হৈ উক্ত দৃশ্য চাই থাকে। আনহাতে, হত্যাকাণ্ডৰ পিছতে অভিযুক্তই পলায়ন কৰে। পিছত পথচাৰীয়ে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজন হৈছে পৱন আৰু অশোক নিছাদ। দুয়ো ভাতৃ। দুয়োৰে বিৰুদ্ধে একাধিক গোচৰ আছে। তিনি বছৰ পূৰ্বে এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ পৱনৰ বিৰুদ্ধে। সেই ঘটনাত যুৱতীগৰাকীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছিল। অভিযোগ অনুসৰি, তেতিয়াৰে পৰা পৱন আৰু তেওঁৰ সংগীসকলে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। কেৱল সেয়াই নহয়, গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।
আন এটা হত্যাকাণ্ডৰ গোচৰত জে’লত আছিল পৱনৰ ভাতৃ অশোক। দুদিনমান পূৰ্বে জামিনত মুকলি কৰি দিয়া হৈছিল। শেহতীয়াকৈ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল পৱনকো। জে’লৰ পৰা মুক্তি পোৱাৰ পিছতে দুই ভাতৃ যুৱতীগৰাকীৰ ঘৰলৈ যায়। তালৈ গৈ ধৰ্ষণৰ গোচৰ উঠাই নলʼলে ইয়াৰ পৰিণাম ভাল নহ’ব বুলিও হুংকাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। কিন্তু যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকে এই গোচৰ উঠাই লোৱা নহ’ব বুলি কয়।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে গাঁৱৰ পথাৰত গৰু চৰাবলৈ গৈছিল যুৱতীগৰাকী। তাৰ পৰা ঘৰলৈ উভতি আহোঁতে পৱন আৰু অশোকে তেওঁক বাট আগছি ধৰে। বিপদ অনুভৱ কৰি যুৱতীগৰাকী পলাবলৈ চেষ্টা কৰাত দুয়ো ভাতৃয়ে তেওঁক অনুসৰণ কৰে। ইয়াৰ পিছত ৰাজপথত তেওঁক খেদি খেদি কুঠাৰেৰে প্ৰহাৰ কৰি হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীয়ে তেওঁক বচাবলৈ চিঞৰি চিঞৰি চিৎকাৰ কৰিছিল কিন্তু তেওঁক আক্ৰমণকাৰীৰ পৰা বচাবলৈ কোনেও সাহস কৰা নাছিল। অভিযুক্ত দুজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।