পৃথিৱীৰ দৰে আন এটা গ্ৰহৰ সন্ধান লাভ নাছাৰ টেলিস্কোপৰ। পৃথিৱীৰ পৰা ২২ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই গ্ৰহটো। এই গ্ৰহটোৰ নাম হৈছে LTT 1445AC। এই গ্ৰহটোৰ আকাৰ হুবহু পৃথিৱীৰ সমান। আনকি ইয়াৰ মহাকৰ্ষণীয় টান পৃথিৱীৰ দৰেই, যিয়ে বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে।

পৃথিৱীৰ পৰা ২২ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এৰিডানাছ নক্ষত্ৰমণ্ডলত অৱস্থিত নতুন ‘পৃথিৱী’। বিজ্ঞানীসকলে জনোৱা মতে, ২০২২ চনত নাছাৰ আন এটা উপগ্ৰহৰ দ্বাৰা LTT 1445AC ধৰা পৰিছিল। কিন্তু সেই কেমেৰাৰ ছবিখন কিছু ম্লান হৈ আছিল। সেয়ে বিজ্ঞানীসকলে এই গ্ৰহটোৰ বিষয়ে নিশ্চিত হ’ব পৰা নাছিল। শেহতীয়াকৈ নাছাৰ হাবল টেলিস্কোপত এই গ্ৰহটোৰ প্ৰতিচ্ছবি স্পষ্টকৈ দেখা গৈছে। ইয়াৰ আকাৰ আৰু অন্যান্য বৈশিষ্ট্যও বিজ্ঞানীসকলে জানিব পাৰিছে।
বিজ্ঞানীসকলৰ মতে এই নতুন গ্ৰহটোৰ ওচৰত মুঠ তিনিটা তৰা আছে। বিৰল অৱস্থাত ঘূৰি ফুৰিছে। বিজ্ঞানীসকলে হাবলৰ ছবিৰ পৰা এই গ্ৰহটো সঠিকভাৱে নিৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। দেখা গৈছে যে গ্ৰহটোৰ ব্যাস পৃথিৱীৰ ব্যাসৰ মাত্ৰ ১.০৭ গুণ।
ইয়াৰ মহাকৰ্ষণ শক্তি পৃথিৱীৰ দৰেই। গ্ৰহটোৰ ভূখণ্ড শিলৰ। কিন্তু এই নতুন গ্ৰহটোৰ উষ্ণতা পৃথিৱীতকৈ বহু বেছি। গ্ৰহটোৰ উষ্ণতা ৫০০ ডিগ্ৰী ফাৰেনহাইট। এই গ্ৰহটোৱে এটা সৰু ৰঙা তৰাক প্ৰদক্ষিণ কৰে। তাৰ নাম এলটিটি ১৪৪৫এ। আন দুটা তুলনামূলকভাৱে বৃহৎ গ্ৰহই নক্ষত্ৰটোক প্ৰদক্ষিণ কৰে।