তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ (Chandrababu Naidu) দক্ষতা বিকাশ দুৰ্নীতিৰ গোচৰত স্থায়ী জামিন মঞ্জুৰ হৈছে। কোনো চৰ্ত অবিহনে তেওঁক স্থায়ী জামিন প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে চন্দ্ৰবাবু নাইডুৱে চৰ্তসাপেক্ষ জামিন লাভ কৰিছিল। জানিব পৰা মতে, ২৮ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত চন্দ্ৰবাবুৱে ৰাজামহেন্দ্ৰবৰম কেন্দ্ৰীয় কাৰাগাৰত ৰিপোৰ্ট দিব লাগিব।

তেতিয়ালৈকে তেওঁ কোনো ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। কিন্তু তাৰ পিছৰ পৰা তেওঁ সেই চৰ্ত মানিব নালাগিব। সন্মুখত তেলেংগানাৰ নিৰ্বাচন আছে। তাত তেওঁ অংশগ্ৰহণ কৰিবনে নাই সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহত দক্ষতা উন্নয়ন দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চন্দ্ৰবাবু নাইডু।