স্পেইনৰ কৰ কৰ্তৃপক্ষক লাখ লাখ ইউৰো প্ৰতাৰণা কৰাৰ অভিযোগত সোমবাৰে বাৰ্চিলোনাত গ্ল’বেল পপ ষ্টাৰ শ্বাকিৰাক (Pop Star Shakira) আদালতে চমন জাৰি কৰে। ৪৬ বছৰীয়া পপ শিল্পীগৰাকীয়ে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত স্পেনীয় চৰকাৰক ১৪.৫ নিযুত ইউৰো (প্ৰায় ১৫.৮ নিযুত ডলাৰ) কৰ পৰিশোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে অভিযোগৰ সন্মুখীন হয়।
২০১৮ চনত এই বিষয়টোৱে শিৰোনাম দখল কৰিছিল। বৰ্তমান সময়ত শিল্পীগৰাকী ক’ত বাস কৰে তাৰ ওপৰত ভিত্তি কৰি পুনৰ সেই বিষয়বোৰ চৰ্চালৈ আহে।
অৱশ্যে একাধিক গ্ৰেমী বঁটা বিজয়ী শিল্পীগৰাকীয়ে সকলো অভিযোগ অস্বীকাৰ কৰে। তেওঁৰ মতে তেওঁ সকলো কৰ আদায় দিছে। বাৰ্চিলোনাৰ অভিযুক্তসকলে অভিযোগ কৰিছে যে সেই সময়ছোৱাত কলম্বিয়াৰ গায়িকাগৰাকীয়ে বেছিভাগ দিন স্পেইনত কটায়। শিল্পীগৰাকীৰ চৰকাৰী বাসগৃহ বাহামাত। গতিকে তেওঁ বিশ্বব্যাপী আয়ৰ ওপৰত দেশখনক কৰ দিব লাগিছিল। বাহামাত কৰৰ হাৰ স্পেইনতকৈ বহু কম।
এই বছৰৰ জুলাই মাহত অভিযোগকাৰীসকলে কৈছিল যে তেওঁলোকে শিল্পীগৰাকীৰ পৰা ৮ বছৰ ২ মাহৰ কাৰাদণ্ড আৰু ২৪ মিলিয়ন ইউৰোৰ জৰিমনা বিচাৰিব। স্পেনিছ আৰু ইংৰাজী ভাষাত গান গোৱাৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰৰ ওপৰত শিল্পীগৰাকীৰ বিশেষজ্ঞতা আছে। একাধিক হিট গীতৰ বাবে বিশ্বজুৰি অনুৰাগীৰ হৃদয় জয় কৰিছে শ্বাকিৰাই। আনহাতে, শিল্পীগৰাকীৰ জনসংযোগ সংস্থাই দাবী কৰিছে যে তেওঁ ইতিমধ্যে সকলো কৰ আৰু অতিৰিক্ত ৩০ লাখ ইউৰো সুত দিছে।
২০২২ চনত শিল্পীগৰাকীৰ হৈ কৰ কৰ্তৃপক্ষৰ সৈতে এক চুক্তিত উপনীত হয়। সেই চুক্তিৰ সবিশেষ গোপন ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ‘পেৰাডাইজ পেপাৰছ’ ফাদিলত শ্বাকিৰাৰ নাম উল্লেখ কৰা হৈছিল। গোপন কাকতখনত মেডোনা আৰু ব’নোৰ দৰে চেলিব্ৰিটিকে ধৰি অসংখ্য হাই-প্ৰফাইল ব্যক্তিৰ অফশ্ব’ৰ কৰ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছিল।
উল্লেখযোগ্য যে শ্বাকিৰাৰ সম্পূৰ্ণ নাম হৈছে শ্বাকিৰা ইছাবেল মেবাৰক ৰিপল। বাৰ্চিলোনাৰ ফুটবল তাৰকা জেৰাৰ্ড পিকেৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। এই দম্পতীহালৰ দুটা সন্তান মিলন আৰু ছাছা। ২০২২ চনত ১১ বছৰীয়া সম্পৰ্ক শেষ কৰাৰ পূৰ্বে বাৰ্চিলোনাত বাস কৰিছিল এই দম্পতীহালে। বিবাহ বিচ্ছেদৰ পিছত তেওঁ মিয়ামীত থাকিবলৈ লয়।