ইৰাণ সমৰ্থিত লেবাননৰ শক্তিশালী সশস্ত্ৰ সংগঠন হিজবুল্লাই উত্তৰ ইজৰাইলৰ সামৰিক ঘাটিত মাৰাত্মক ৰকেট আক্ৰমণ চলালে (Hijbullah attack on Israel)। এই আক্ৰমণত সামৰিক ঘাটিটোৰ যথেষ্ট ক্ষতিসাধন হয়। সোমবাৰে পুৱা ছ’চিয়েল মিডিয়াত আইডিএফে হিজবুল্লাৰ আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰে।

ভিডিঅ’টোত দেখা গৈছে যে উত্তৰ ইজৰাইলৰ এটা সামৰিক ঘাটি লেবাননৰ পৰা হিজবুল্লাৰ ৰকেট আক্ৰমণত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ভিডিঅ’টোত দেখাৰ দৰে ৰকেট আক্ৰমণৰ লগে লগে সামৰিক ঘাটিটোত জুই লাগে। অৱশ্যে এই আক্ৰমণত কোনো লোকৰ মৃত্যু হোৱা নাই।
ইজৰাইলৰ উত্তৰ দিশৰ কিৰিয়াট শ্বমোনা, মানাৰা আৰু মাৰ্গালিঅ’টৰ বাসিন্দাসকলক এই আক্ৰমণৰ পিছত সতৰ্ক কৰি দিয়া হয়। উল্লেখযোগ্য যে ইজৰাইলৰ সৈতে হোৱা সংঘাতত এতিয়ালৈকে হিজবুল্লাৰ ৭০ জন লোকৰ মৃত্যু হৈছে।