উত্তৰকাশীৰ দুৰ্ঘটনাগ্ৰস্ত সুৰংগটোৰ (Uttarkashi Tunnel) প্ৰথমটো ভিডিঅ’ প্ৰকাশ পাইছে। সুৰংগটোৰ ভিতৰৰ সৰু ঠাইত ৪১ জন শ্ৰমিক থিয় হৈ আছে। তেওঁলোকে কি কৰি আছে, কেনে আছে, সেয়া ভিডিঅ’টোত প্ৰকাশ পাইছে। উদ্ধাৰকাৰী দলটোৰ কেমেৰাত বন্দী হৈছে আবদ্ধ শ্ৰমিকসকলৰ ছবি।
ভিডিঅ’টোত সুৰংগটোৰ ভিতৰত শ্ৰমিকসকলে কথা পাতি থকা দেখা গৈছে। তেওঁলোকৰ মাজত খাদ্য বিতৰণ কৰা হৈছে। সকলোৱে হেলমেট পিন্ধিছে। মুখ শুকান কৰি থিয় হৈ আছে সকলোৱে।
সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰা ভিডিঅ’টোত কেইবাজনো শ্ৰমিকে কেমেৰালৈ চাই থকা দেখা গৈছে। ইয়াৰে এজনে এটা যন্ত্ৰৰ জৰিয়তে উদ্ধাৰকাৰীৰ সৈতে কথা পাতিছে। কিছুমানে সুৰংগটোৰ ওপৰলৈ চাই আছে। অনিশ্চয়তাৰ চাপ মুখত স্পষ্ট। উল্লেখযোগ্য যে বিগত ১০ দিনে উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। ধ্বংসাৱশেষ খান্দি তেওঁলোকৰ কাষ চাপিবলৈ চেষ্টা চলাই আছে উদ্ধাৰকাৰীয়ে। কিন্তু এতিয়ালৈকে বিশেষ একো হোৱা নাই। সময়ৰ লগে লগে উদ্বিগ্নতা বৃদ্ধি পাইছে।
পাইপৰ জৰিয়তে উদ্ধাৰকাৰীয়ে শ্ৰমিকৰ সৈতে যোগাযোগ ৰাখিছে। শ্ৰমিকসকলেও একেদৰেই নিজৰ পৰিয়ালৰ সৈতে কথা পাতিছে। সোমবাৰে খিচিৰি, ডালিয়াকে ধৰি বিভিন্ন ফলমূল পাইপৰ জৰিয়তে শ্ৰমিকসকললৈ প্ৰেৰণ কৰা হৈছে। সেই স্থানত উপস্থিত হৈছে এক আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ দল।